NRL ব্যক্তিগতকৰণৰ কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰই, সংবাদমেলত মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ

News18-Assam
Updated:November 19, 2019, 3:47 PM IST
NRL ব্যক্তিগতকৰণৰ কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰই, সংবাদমেলত মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ
‘NRLৰ ক্ষেত্ৰত অসমৰ মানুহৰ আবেগ জড়িত হৈ আছে। BPCL বা NRLৰ নিৰ্বিয়োজন সন্দৰ্ভত বৰ্তমানলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই কেন্দ্ৰই।’ – মন্তব্য ৰূপম গোস্বামীৰ।

‘NRLৰ ক্ষেত্ৰত অসমৰ মানুহৰ আবেগ জড়িত হৈ আছে। BPCL বা NRLৰ নিৰ্বিয়োজন সন্দৰ্ভত বৰ্তমানলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই কেন্দ্ৰই।’ – মন্তব্য ৰূপম গোস্বামীৰ।

  • Share this:
NRL ব্যক্তিগতকৰণৰ কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰই। এই মন্তব্য ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীৰ। আজি এই সন্দৰ্ভত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু কোষাধ্যক্ষ তথা NRLৰ সঞ্চালক ৰাজকুমাৰ শৰ্মাই।

ৰূপম গোস্বামীয়ে কয় যে NRL ব্যক্তিগতকৰণৰ কোনো সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লোৱা নাই। পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা স্পষ্ট কৰিছে। কিছুদিন পূৰ্বে কেন্দ্ৰই NRLৰ বাবে ২২,০০০ কোটি অনুমোদন কৰিছিল। অসমৰ হিতৰ বিপৰীতে কোনো কাম কেন্দ্ৰই নকৰে বুলি মন্তব্য ৰূপম গোস্বামীৰ।

‘NRLৰ ক্ষেত্ৰত অসমৰ মানুহৰ আবেগ জড়িত হৈ আছে। BPCL বা NRLৰ নিৰ্বিয়োজন সন্দৰ্ভত বৰ্তমানলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই কেন্দ্ৰই।’ – মন্তব্য ৰূপম গোস্বামীৰ।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি