উপ–নিৰ্বাচনৰ প্ৰতিটো সমষ্টিতে বিজেপি মিত্ৰজোঁট জয়ী হ'ব বুলি দাবী কৰিলে বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই ৷
উপ–নিৰ্বাচনৰ প্ৰতিটো সমষ্টিতে বিজেপি মিত্ৰজোঁট জয়ী হ'ব বুলি দাবী কৰিলে বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই ৷
উপ–নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল৷ নিৰ্বাচনত জঁপিয়াই পৰা প্ৰত্যেকটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে এটাই আনটো দলৰ বিৰুদ্ধে অভিযোগ প্ৰতি-অভিযোগ৷ বিজেপি মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈৰ ৰাইজৰ দলৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ৷ এৰা নাই কংগ্ৰেছ–AIUDFকো৷
শাসকীয় দল বিজেপিয়ে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে টাৰ্গেট কৰি লৈছে ইটোৰ পিছত সিটো ৰাজনৈতিক দলক৷ ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ পৱিত্ৰ মাৰ্ঘেৰিটাই অখিল গগৈৰ ৰাইজৰ দলক অকল থাওৰালৈ সন্দেহযুক্ত লোকক আমদানী কৰাৰ ভয়ংকৰ অভিযোগ অনাতে ক্ষান্ত নাথাকিল৷ আনিলে আৰু কেতবোৰ অভিযোগ।
পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, "ৰাইজৰ দলে থাওৰা সমষ্টিলৈ সন্দেহজনক মানুহ কিছুমানক আমদানী কৰিছে৷ সেইসকল লোকক কিয় আনিছে নাজানো৷ ভয় হয় থাওৰাক অশান্ত কৰিবলৈ অনা হৈছে নেকি লোকসকলক? প্ৰায় ৩০ৰ ৩৫খন গাড়ীত সন্দেহযুক্ত লোকক প্ৰত্যক্ষ কৰা বুলি আমাৰ হাতলৈ খবৰ আহিছে৷ ক'ব নোৱাৰি গৰুখুঁটিৰ দৰে কাণ্ড কৰিবলৈকে যদি সন্দেহযুক্ত লেকক নিছে ৰাইজৰ দলে! অখিল গগৈয়ে নিজৰ স্বৰূপ ইতিমধ্যে দেখুৱালেই৷ উজনীত অতি খিলঞ্জীয়াৰ ৰূপ ধৰা অখিল গগৈয়ে নামনিত নিজকে বেলেগকৈ চিনাকি দিব খোজে৷ মুখত চেঙা, বাঘবৰৰ কথাই৷ অখিল গগৈ এজন মিঞাৰ ত্ৰাণকৰ্তা, মিঞাৰ প্ৰৱক্তা৷"
গৰুখুঁটিৰ ঘটনাক লৈ কংগ্ৰেছ–AIUDFৰ বিৰুদ্ধেও আক্ৰমণাত্মক হোৱা দেখা গ'ল বিজেপিৰ মুখপাত্ৰগৰাকীক৷ মাৰ্ঘেৰিটাই ক'লে,"গৰুখুঁটিৰ ঘটনাৰ পিছত মৈমনসিঙীয়া, নোৱাখলীয়া লোকৰ বাবে কংগ্ৰেছ, AIUDF, ৰাইজৰ দলে মিঞাৰ কোন আপোন তাক দেখুৱাবলৈ চলাইছে প্ৰতিযোগিতা৷ দুখ লাগে ভূপেন বৰাক লৈ৷ অকল কেইটামান ভোট আদায়ৰ লালসাত কেনেকৈ খিলঞ্জীয়াৰ শত্ৰু হিচাপে নিজকে চিনাকী দিব পাৰে? ভূপেন বৰাই আঁঠু ল'লে বেদখলকাৰীৰ ওচৰত৷ এই ভূপেন বৰাক অসমীয়াই বিশ্বাসত ল'বনে?"
আহি থকা উপ–নিৰ্বাচনত বা আন নিৰ্বাচনতো বিজেপিয়ে মিঞাৰ ভোট নিবিচাৰে বুলি কৈ উপ–নিৰ্বাচনৰ প্ৰতিটো সমষ্টিতে বিজেপি মিত্ৰজোঁট জয়ী হ'ব বুলি দাবী কৰিলে বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|