দলৰ চাৰিজন সদস্যলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৰাজ্যিক বিজেপিয়ে। বিজেপিৰ IT CELLৰ সদস্য দুৰ্লভ নাথ, মানকাচৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইন,বিজেপি সংখ্যালঘু মৰ্চাৰ মানকাচৰ জিলা সম্পাদক আৰু লখিমপুৰ জিলা যুৱ মৰ্চাৰ নিৰ্মল পায়েঙলৈ জাননী জাৰি কৰিছে ৰাজ্যিক বিজেপিয়ে।
![]()
উল্লেখযোগ্য যে, বিজেপিৰ আই টি চেলৰ দুৰ্লভ নাথ নামৰ যুৱকজনে ঠিকা দিয়াৰ নামত ঘোচ লোৱাৰ সন্দৰ্ভত দলৰে সতীৰ্থ নিৰ্মল পায়েঙৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছিল।
![]()
ভাইৰেল হৈছিল ফোনকলৰ ৰেকৰ্ডিং আৰু স্ক্ৰীণ শ্বট। পিছত নিৰ্মল পায়েঙে দুৰ্লভ নাথৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্ দাসলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|