চাবুৱাত উত্তেজনা! ৰণজিৎ দাসৰ কনভয়ৰ খুন্দাত আছু কৰ্মী আহত হোৱাৰ অভিযোগ

ঘটনাক কেন্দ্ৰ কৰি আছু কৰ্মী আৰু BJP-কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয়
ঘটনাক কেন্দ্ৰ কৰি আছু কৰ্মী আৰু BJP-কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয়
- News18 Assam
- Last Updated: February 20, 2020, 1:49 PM IST
নিৰ্বাচনী ৰণশিঙা বজাবলৈ উজনি অসমলৈ যোৱা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস আৰু বিধায়ক বিনোদ হাজৰিকাৰ কনভয়ৰ বাহনে আছু কৰ্মীক মহতিয়াই নিয়াৰ অভিযোগ। শিৱসাগৰৰ বিধায়ক প্ৰয়াত প্ৰণৱ গগৈৰ পিছত খালী হোৱা আসন আৰু অন্যান্য অবিজেপি সমষ্টিত পদুম ফুলাবলৈ দলক উদ্বুদ্ধ কৰিবলৈ যোৱা ৰাজ্যিক সভাপতিগৰাকীৰ বিৰুদ্ধে এই অভিযোগ আনি চাবুৱাত আছু কৰ্মীয়ে আবদ্ধ কৰিলে তেওঁৰ বাহন। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ কনভয়ৰ সন্মুখলৈ অহা প্ৰতিবাদকাৰী আছু সদস্যই ক’লা পতাকা দেখুওৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ। ঘটনাত গুৰুতৰভাৱে আহত এজন আছু কৰ্মী।
ঘটনাক কেন্দ্ৰ কৰি আছু কৰ্মী আৰু BJP-কৰ্মীৰ মাজত হতাহতিৰ সৃষ্টি হয়। শতাধিক আছু প্ৰতিবাদকাৰীয়ে ক’লা পতাকা দেখুৱাই ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰে।উত্তপ্ত পৰিস্থিতিৰ মাজত গাড়ীৰ পৰা নামি খোজকাঢ়ি যাবলৈ বাধ্য হয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত।