স্বস্তিৰ নিশ্বাস ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ, কোভিড–১৯ টেষ্টৰ ফলাফল আহিল নিগেটিভ

Source-Google
সোমবাৰে আহিল ৰণজিৎ দাসৰ লগতে পৰিয়ালৰ কোভিড টেষ্টৰ ফলাফল৷
- News18 Assam
- Last Updated: July 2, 2020, 8:46 AM IST
"মোৰ দেহৰক্ষী এগৰাকী পোন্ধৰ দিন মানৰ আগত কোভিড পজিটিভ হৈছিল৷ তেতিয়াৰ পৰা তেওঁ মোৰ লগত নাই৷ তথাপি মই নিজাকৈ টেষ্ট কৰোৱাৰ আগ্ৰহ প্ৰকাশ কৰি নমুনা দিলো৷ আজি মোৰ নিগেটিভ ৰিপ’ৰ্ট আহিল৷"— ক’লে ৰণজিত্ কুমাৰ দাসে।
নিজৰ লগতে পৰিয়ালৰো ৰিপ’ৰ্ট নিগেটিভ অহাৰ পিছতে ৰণজিৎ দাসৰ ৰাইজলৈ আহ্বান, চৰকাৰৰ লগত সহযোগিতা কৰক ৰাইজে৷ মানি চলক স্বাস্থ্য বিধি৷ সকলোৱে পৰীক্ষা কৰাওক নমুনা৷ চৰকাৰে তাৰ বাবে সকলো সুবিধা কৰি দিছে৷