সৰভোগত ৩০০ নাপিতক আৰ্থিক সাহায্য আগবঢ়ালে ৰণজিত কুমাৰ দাসে

লকডাউন দীঘলীয়া হোৱাৰ বাবে আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈছে নাপিতসকল।
লকডাউন দীঘলীয়া হোৱাৰ বাবে আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈছে নাপিতসকল।
- News18 Assam
- Last Updated: May 26, 2020, 6:12 PM IST
একেদৰেই আমাৰ শাৰীৰিক সুস্থতাৰ ক্ষেত্ৰত পৰিস্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ। আমাৰ চুলি-দাঢ়ি কটাৰ সেৱাৰ মাজেৰে নাপিতসকলে আমাৰ সমাজখনলৈ অতি গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে। কিন্তু লকডাউন দীঘলীয়া হোৱাৰ বাবে তেওঁলোক যথেষ্ট জুৰুলা হৈছে।
সেয়েহে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে সৰভোগ বিধানসভা সমষ্টিৰ ৩০০গৰাকী নাপিতক আৰ্থিক সাহায্য আগবঢ়ায়। এই সন্দৰ্ভত ৰণজিত দাসে ছচিয়েল মিডিয়াযোগে কয় – "সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত সাংগঠনিক মণ্ডল বৰপেটা ৰোড, চকচকা আৰু গোৱৰ্দ্ধনাৰ এই সেৱাৰে জীৱিকা নিৰ্বাহ কৰা আমাৰ ভাই-ককাই সকলৰ জটিল সময়ত তেওঁলোকৰ ওচৰত থিয় দিয়াতো মোৰ নৈতিক কৰ্তব্য বুলি বিবেচনা কৰি আহিছোঁ। এই জটিল সময়ত আজি সৰভোগ বিধান সভা সমষ্টিৰ ৩০০ গৰাকী মোৰ ককাই-ভাইলৈ কিছু আৰ্থিক সকাহ আগবঢ়াবলৈ পাই ধন্য হৈছোঁ।’’