২০২১ৰ বিধানসভা নিৰ্বাচনতো পুনৰবাৰ অসমৰ ৰাইজে বিজেপিৰ চৰকাৰ আনিব বুলি দাবী কৰে ৰণজিত দাসে।
২০২১ৰ বিধানসভা নিৰ্বাচনতো পুনৰবাৰ অসমৰ ৰাইজে বিজেপিৰ চৰকাৰ আনিব বুলি দাবী কৰে ৰণজিত দাসে।
AIUDF দলৰ জন্ম হৈছিল বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে। পলাশবাৰী সমষ্টিৰ বৰিহাতত শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তিথিৰ কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে।
কংগ্ৰেছ–এআইইউডিএফৰ মিত্ৰতাকো কটাক্ষ কৰে ৰণজিত দাসে। কংগ্ৰেছ আৰু AIUDF ৰ মিত্ৰতাই বিজেপিৰ আশীৰ্বাদ স্বৰূপ হ’লে পশ্চিম অসমত চাৰি–পাঁচখন আসনত বিজেপিৰ বাবে কিছু ক্ষতি হ’লেও উজনি অসমত নাওবৈচা, মৰিয়নী, তিতাবৰ, নাজিৰা, শিৱসাগৰ, গোলাঘাট আৰু ডুমডুমা সমষ্টি দখল কৰিব বিজেপিয়ে। মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ।
অসমৰ ৰাইজে বিগত পঞ্চায়ত নিৰ্বাচনত যিদৰে বিজেপিক আগস্থানত বহুৱাইছিল, ঠিক তেনেদৰে ২০২১ৰ বিধানসভা নিৰ্বাচনতো পুনৰবাৰ অসমৰ ৰাইজে বিজেপিৰ চৰকাৰ আনিব বুলি দাবী কৰে ৰণজিত দাসে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|