বিৰোধীৰ মহাজোঁট এইবাৰ হেনো মহাঝুথত পৰিণত হ'ব ৷ প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত হেনো সকলো পৰিণত হ'ব মহা মিছাত ৷ AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতা হোৱাটো হেনো বিচাৰে বিজেপিয়ে ৷ এটা এটাকৈ বহু কথা ক'লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
"বিৰোধীৰ মহাজোঁট 'মহাঝুথ' হ'ব ৷ আমি শক্তি পৰীক্ষা কৰিব বিচাৰিছোঁ দল দুটাৰ ৷ দল দুটাৰ মাজত চলি থকা অৰিয়া-অৰিবোৰ দেখুৱাইহে সেয়া প্ৰমাণ হোৱাটো বিচাৰিছোঁ ৷ বহুতে কয় কংগ্ৰেছ-AIUDFৰ মাজত হেনো মিত্ৰতা হোৱাটো আমি নিবিচাৰোঁ ৷ কিন্তু এই কথা সত্য নহয় ৷ আমি দল দুটাৰ মাজত মিত্ৰতা হোৱাতো বিচাৰোঁ ৷ এইবাৰ বিৰোধীৰ মহাজোঁট মোদীৰ সন্মুখত মহামিছাত পৰিণত হ'ব ৷"— এইদৰে ক'লে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷
ঠিকেই, এনেকৈয়ে কৈছে বিজেপি সভাপতিগৰাকীয়ে ৷ কংগ্ৰেছ AIUDFৰ মাজত মিত্ৰতা হোৱাটো বিচাৰে বিজেপিয়ে ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিৰোধী প্ৰমাণিত হ'ব মহামিছাত ৷ লগতে ক'লে ২০২৪ৰ নিৰ্বাচনলৈ বিজেপিৰ কোনো কৰ্মীয়েই কটাব নোৱাৰিব শুই-বহি ৷ বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰিব ২০২৪ত ৷ এই শক্তি প্ৰদৰ্শনৰ বাবে দলটো সাজু হৈছে এতিয়াৰ পৰাই ৷ দলৰ সকলোৱে কৰিব লাগিব ২৪ ঘণ্টাই কাম ৷
নিজ লক্ষ্যত উপনীত হ'বলৈ টিফিন বৈঠককে ধৰি নতুন নতুন কৌশল লোৱা বিজেপিয়ে হাতত লৈছে এইবাৰ হিতাধিকাৰীৰ কাষ চাপি ছেল্ফী লোৱাৰ পৰ্ব ৷ মৰ্চাসমূহে ল'ব লাগিব হিতাধিকাৰীৰ সৈতে ছেল্ফী ৷ এক কোটি ছেল্ফী ল'ব অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাই ৷ ছেল্ফীসমূহ আপলোড কৰিব লাগিব নমো এপত ৷ সোমবাৰে মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আৰম্ভ কৰিলে এই ছেল্ফী পৰ্ব ৷ সকলো মৰ্চাই পৃথকে পৃথকে কৃষক,যুৱ চাম,জনজাতীয় লোক সকলোৰে কাষ চাপিব ৷ এই কথা জনালে সভাপতি ভৱেশ কলিতাই ৷
"হিতাধিকাৰীৰ কাষলৈ সকলো যাব লাগিব ৷ প্ৰত্যেক মৰ্চা যাব লাগিব ৷ ধৰি লওক এগৰাকী কৃষকে চৰকাৰৰ সা-সুবিধা পাইছেনে নাই পোৱা চাব লাগিব ৷ অৰুণোদয়কে ধৰি চলি থকা আঁচনিৰ হিতাধিকাৰীৰ খবৰ ল'ব লাগিব ৷ সমাজৰ একেবাৰে শেষৰ ব্যক্তিগৰাকীৰ মনৰ কথা আমি শুনিব লাগিব ৷" -ক'লে ভৱেশ কলিতাই ৷ মুঠৰ ওপৰত সাজু এতিয়া গেৰুৱা দল বিজেপি ৷ দলটোৱে নিত্য নতুন কৌশলেৰে ৰাইজৰ কাষ চপাৰ লগতে বিৰোধীকো কামে-কথাৰে জনাইছে এনেকৈয়ে প্ৰত্যাহ্বান।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।