মুখ্যপৃষ্ঠা » খবৰ

» অসম

»থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব ভৱেশ কলিতাৰ, বিজেপি কাৰ্যালয়তো থলগিৰিৰ প্ৰভূত্ব বৰ্তাই ৰখাৰ পোষকতা

থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব ভৱেশ কলিতাৰ, বিজেপি কাৰ্যালয়তো থলগিৰিৰ প্ৰভূত্ব বৰ্তাই ৰখাৰ পোষকতা

News18 Assam | News18-Assam
Updated:July 1, 2021, 4:05 PM IST
থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব ভৱেশ কলিতাৰ, বিজেপি কাৰ্যালয়তো থলগিৰিৰ প্ৰভূত্ব বৰ্তাই ৰখাৰ পোষকতা
ভৱেশ কলিতাৰ বিজেপি কাৰ্যকৰ্তালৈ আহ্বান, মেল-মিটিঙত সম্বৰ্ধনাৰ বাবে কিনক থলুৱা শিপিনিয়ে বোৱা গামোচা৷

ভৱেশ কলিতাৰ বিজেপি কাৰ্যকৰ্তালৈ আহ্বান, মেল-মিটিঙত সম্বৰ্ধনাৰ বাবে কিনক থলুৱা শিপিনিয়ে বোৱা গামোচা৷

  • Share this:
ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লৈয়েই থলুৱা সামগ্ৰী ব্যৱহাৰৰ পণ লৈছে ভৱেশ কলিতাই৷ বৃহস্পতি সদ্য প্ৰাক্তন সভাপতি ৰণজিত কুমাৰ দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ উপস্থিতিত মাহেকীয়া বিজেপি বাৰ্তা উন্মোচন কৰি ভৱেশ কলিতাই পণ ল'লে ভোকেল ফৰ লোকেলৰ৷

ভৱেশ কলিতাৰ বিজেপি কাৰ্যকৰ্তালৈ আহ্বান, মেল-মিটিঙত সম্বৰ্ধনাৰ বাবে কিনক থলুৱা শিপিনিয়ে বোৱা গামোচা৷ চাহৰ লগত অপ্যায়ন কৰক থলুৱা মহিলাই প্ৰস্তুত কৰা পিঠা-পনা৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো যাতে থলগিৰিৰহে প্ৰভূত্ব খাতে তাৰ বাবে ডিচপ'জেবল কাপ, ডিচপ'জেবল প্লেটৰ ঠাইত মাটিৰ কাপ আৰু কলপটুৱা আদি ব্যৱহাৰৰ পোষকতা সভাপতি ভৱেশ কলিতাৰ৷

থলুৱা সা-সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা মহিলা আত্মসহায়ক গোটসমূহক সহায় কৰাৰ লগতে মহিলা সবলীকৰণৰ দিশটোও সামৰি লোৱা হ'ব বুলি মন্তব্য সভাপতিগৰাকীৰ৷ "বহু সময়ত চৰকাৰে মহিলা আত্মসহায়ক গোটসমূহক সহায় কৰি আহিছে৷ চৰকাৰৰ আৰ্থিক সাহায্যৰে গোটসমূহে বহু কাম কৰি আহিছে৷ গামোচা বোৱা, পিঠা–পনা প্ৰস্তুত আদি কৰি আহিছে যদিও বজাৰৰ অভাৱত পৰিছে আত্মসহায়ক গোটসমূহে৷ গতিকে আমি যদি এনে পদক্ষেপ হাতত লওঁ মহিলাসকলে এখন বজাৰ আপোনা আপুনি লাভ কৰিব"– ক’লে ভৱেশ কলিতাই।

ইফালে নতুনকৈ সভাপতিৰ দায়িত্ব লোৱা ভৱেশ কলিতাই মন্তব্য ৰাখিলে সন্মুখত আহি থকা উপ-নিৰ্বাচনক লৈও৷ গোসাইগাঁও, তামুলপুৰৰ দুয়োগৰাকী প্ৰয়াত বিধায়কলৈ শ্ৰদ্ধা নিবেদি ভৱেশ কলিতাই ক'লে, গোঁসাইগাঁও, তামুলপুৰত জয়ী হ'ব বিজেপি মিত্ৰজোঁটেই৷ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নী সমষ্টিও দখল কৰিব বিজেপি মিত্ৰজোঁটেই৷

সভাপতি হিচাপে নতুনকৈ দায়িত্ব লোৱা ভৱেশ কলিতাই শীঘ্ৰেই দূৰ কৰিব পুৰণি বিজেপিৰ মাজত থকা অসন্তোষ৷ অগ্ৰজসকলৰ দলটোলৈ থকা অৰিহনাক সদায় শ্ৰদ্ধা কৰি যাব বুলি মন্তব্য কৰিলে ভৱেশ কলিতাই৷ "অতীতক নাযাবা পাহৰি, অতীতত দলটোৰ পতাকাখন যিসকলে ধৰি আছিল, সেইসকলক আমি পাহৰি যাব নোৱাৰিম৷ দলে মোৰ ওপৰত আস্থা ৰাখি যি দায়িত্ব দিছে সেয়া পালনৰ ক্ষেত্ৰত অগ্ৰজ-অনুজ সকলোৰে মোক সহায় লাগিব৷"—মন্তব্য ভৱেশ কলিতাৰ।
Published by: Sanjay Kumar Das
First published: July 1, 2021, 4:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি