AIUDF ত্যাগ কৰি ধোৱা তুলসীৰ পাত হ’ল নেকি ফণী তালুকদাৰ! AIUDF এৰি বিজেপিত যোগদান কৰা বাবে পাপ মোচন হ’ল নেকি ফণী তালুকদাৰৰ! নে AIUDF থাকিলে ভূ–মাফিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হ’লহেঁতেন ফণী তালুকদাৰ। সেয়া লাখটকীয়া প্ৰশ্ন। কিয়নো পূৰ্বৰে পৰা মাটি দালালৰূপে সুকীয়া চিনাকী তালুকদাৰৰ৷ আনহে নালাগে অসম বিধানসভাৰ অধ্যক্ষই মাটি সন্দৰ্ভত আপোনাক একো ক’বলগীয়া নাই বুলি কটু মন্তব্য কৰিছিল ফণী তালুকদাৰক৷ যাৰপৰাই সকলো স্পষ্ট হয়৷
কিন্তু ইমানবোৰ অভিযোগ থকাৰ পাছতো বিজেপি হোৱা হেতুকে হেৰাই পাব নেকি ফণী তালুকদাৰে? প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ৷ কংগ্ৰেছৰ এই অভিযোগৰ বিপৰীতে ফণী তালুকদাৰ সন্দৰ্ভত আশ্বৰ্যকৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ৷
ফণী তালুকদাৰক লৈ সাংবাদিকে কৰা প্ৰশ্নত বিব্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা৷ ভৱেশ কলিতাই ক’লে – ‘ফণী তালুকদাৰৰ মাটিৰ দালালিৰ বিষয়ে মই অৱগত নহয়৷’ মাটিৰ দালালবোৰ কংগ্ৰেছৰ সৃষ্টি বুলি মন্তব্য ভৱেশ কলিতাৰ৷ আইন সকলোৰ বাবে সমান বুলি উত্তৰ দিয়েই দায় সাৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|