• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰৱঞ্চক মৃদুপৱন নেওগে যোগদান কৰিব নেকি বিজেপিত? – কি ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই

প্ৰৱঞ্চক মৃদুপৱন নেওগে যোগদান কৰিব নেকি বিজেপিত? – কি ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতবিজেপি দলত মহাযোগদান হ’ব বুলিও কয় ভৱেশ কলিতাই। বিৰোধীৰ বহু নেতাই এই কাৰ্যসূচীত বিজেপিত যোগদান কৰিব বুলি কয় তেওঁ।

  • Share this:
২০২৪ত দেশত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ব। বিজেপিয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ নাম ঘোষণা কৰিছে। এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ।

CAA আন্দোলন সন্দৰ্ভত ভৱেশ কলিতাই কয়, ‘‘গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ সকলোৰে অধিকাৰ আছে। জনতাই আন্দোলনকাৰীক কিমান বিশ্বাসত ল’ব সেয়াহে গুৰুত্বপূৰ্ণ। আন্দোলনৰ নামত যাতে ৰাজহুৱা সম্পত্তি ধ্বংস নহয়, সেয়া সকলোৱে মনত ৰখা উচিত।’’

আনহাতে, আব্দুল আজিজৰ বিতৰ্কিত মন্তব্যক লৈ কলিতাই কয়, আব্দুল আজিজ বিজেপিত আছেনে নাই মই অৱগত নহয়। কোনো ব্যক্তিৰ কোনো দেশদ্ৰোহী মন্তব্য আমি গ্ৰহণ নকৰো।কোনোৱে এনে মন্তব্য কৰিলে শাস্তি পাব।

ইফালে, প্ৰৱঞ্চক মৃদুপৱন নেওগে বিজেপিত যোগদান সন্দৰ্ভত অৱগত নহয় বুলি কয় সভাপতিগৰাকীয়ে। কিন্তু ইতিমধ্যে সামাজিক মাধ্যমত ৰাষ্ট্রীয় বিজেপিত যোগ দিম বুলি ৰাজহুৱা কৰিছিল নেওগে। ভৱেশ কলিতাই ক’লে – তৃণমূলত সক্ৰিয় নহ’লে যোগদান কৰিব নোৱাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত।

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতবিজেপি দলত মহাযোগদান হ’ব বুলিও কয় ভৱেশ কলিতাই। বিৰোধীৰ বহু নেতাই এই কাৰ্যসূচীত বিজেপিত যোগদান কৰিব বুলি কয় তেওঁ।

‘‘কংগ্রেছ শূন্য কৰাৰ লক্ষ্য আমাৰ নহয়। গণতান্ত্ৰিক দেশত বিৰোধী থকাতো প্ৰয়োজন। সাংসদ–বিধায়কৰ পৰা বহু দলীয় নেতাই বিজেপিত যোগদান কৰিব। বৰ্তমান নিৰ্বাচন হ’লেও লোকসভাৰ ১২ খনতেই জিকিব বিজেপি।’’ – ক’লে ভৱেশ কলিতাই।
Published by:Sanjay Kumar Das
First published: