• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘ধলপুৰ কাণ্ডত জড়িত ৰকিবুল হুছেইন, সেইবাবে বিজেপিক দোষাৰোপ কৰিছে তেওঁ’ – মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

‘ধলপুৰ কাণ্ডত জড়িত ৰকিবুল হুছেইন, সেইবাবে বিজেপিক দোষাৰোপ কৰিছে তেওঁ’ – মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ

ৰকিবুল হুছেইনৰ প্ৰৰোচনাতে ধলপুৰ কাণ্ড সংঘটিত হোৱা বুলি বিস্ফোৰক মন্তব্য কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

ৰকিবুল হুছেইনৰ প্ৰৰোচনাতে ধলপুৰ কাণ্ড সংঘটিত হোৱা বুলি বিস্ফোৰক মন্তব্য কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

ৰকিবুল হুছেইনৰ প্ৰৰোচনাতে ধলপুৰ কাণ্ড সংঘটিত হোৱা বুলি বিস্ফোৰক মন্তব্য কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

  • Share this:
    ৰঙিয়া-কমলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ মাহত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ বিস্ফোৰণ মন্তব্য। ধলপুৰ কাণ্ডক লৈ মন্তব্য কৰি ভৱেশ কলিতাই কয়, ‘‘ধলপুৰ কাণ্ডত জড়িত ৰকিবুল হুছেইন। সেইবাবে বিজেপিক দোষাৰোপ কৰিছে ৰকিবুলে। যদি বিজেপি নেতা এই কাণ্ডত জড়িত আছে তেন্তে দেখুৱাই দিয়ক। যদি নাম কেইটা দেখুৱাই দিব নোৱাৰে তেনেহ’লে ৰকিবুল হুছেইন প্ৰত্যক্ষভাৱে জড়িত ধলপুৰ কাণ্ডত।’’

    ৰকিবুল হুছেইনৰ প্ৰৰোচনাতে ধলপুৰ কাণ্ড সংঘটিত হোৱা বুলি বিস্ফোৰক মন্তব্য কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। ইফালে অখিল গগৈক তীব্ৰ কটাক্ষ কৰি ভৱেশ কলিতাই কয় যে অখিল গগৈ উজনি অসম আৰু মধ্য অসমত জনপ্ৰিয় নহয়। তেওঁ হৈছে পশ্চিম অসমৰ, বিশেষকৈ ধুবুৰীৰ জনপ্ৰিয় নেতা অখিল গগৈ। অখিল গগৈয়ে ৰাজনীতিত টিকি থকাৰ বাবে বিজেপিৰ ভাল কামবোৰক বেয়া বুলি প্ৰচাৰ কৰে। অখিল গগৈৰ লগত নাই কোনো বিধায়ক অথবা সাংসদ।

    উল্লেখ্য যে ৰঙিয়া-কমলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ‍্যোগত অনুষ্ঠিত হৈছিল পোষণ মাহৰ বিশেষ অনুষ্ঠান। চৰকাৰী শিল্পী পেঞ্চনাৰ নৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰঙিয়াৰ স্থানীয় বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে ভৱানীপুৰ সমষ্টিৰ সদ‍্যপদত‍্যাগী বিধায়ক ফণী তালুকদাৰ, জিলা সমাজ কল‍্যাণ বিষয়া ৰুবুল শৰ্মা, ৰঙিয়া কমলপুৰ সংহত প্ৰকল্প বিষয়া ডেইজী ৰাণী দেৱী, অংগবাড়ী কৰ্মী, মুখ‍্য সেৱীকাসকলে অংশগ্ৰহণ কৰে। ভৱেশ কলিতাই কণমানি শিশুক ভাত মুখত দি অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানটোত বক্তাসকলে গৰ্ভৱতী মহিলাৰ লগতে শিশুৰ বাবে সুষম আহাৰৰ উপযোগিতাৰ বিষয়ে বক্তব্য ৰাখে।
    Published by:Sanjay Kumar Das
    First published: