মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘কংগ্ৰেছ দল এতিয়া দিশহাৰা, নেতাৰ মাজত কাজিয়া–পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দলটোক পশ্চিম আকাশলৈ লৈ গৈছে’ – ভৱেশ কলিতা

‘কংগ্ৰেছ দল এতিয়া দিশহাৰা, নেতাৰ মাজত কাজিয়া–পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দলটোক পশ্চিম আকাশলৈ লৈ গৈছে’ – ভৱেশ কলিতা

News18 Assam | News18-Assam
Updated:August 3, 2021, 10:03 AM IST
‘কংগ্ৰেছ দল এতিয়া দিশহাৰা, নেতাৰ মাজত কাজিয়া–পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দলটোক পশ্চিম আকাশলৈ লৈ গৈছে’ – ভৱেশ কলিতা
কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই ভাৰতৰ জনগণ অতিষ্ঠ হৈ বিজেপি দলক আকোৱালি লৈছে বুলি কয় কলিতাই।

কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই ভাৰতৰ জনগণ অতিষ্ঠ হৈ বিজেপি দলক আকোৱালি লৈছে বুলি কয় কলিতাই।

  • Share this:
"কংগ্ৰেছ দল এতিয়া দিশহাৰা, তেওঁলোকৰ নেতাৰ মাজত কাজিয়া, উপদলীয় সংঘাত আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দলটোক পশ্চিম আকাশলৈ লৈ  গৈছে" – ৰঙিয়াত এই মন্তব্য বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ।

অসম প্ৰদেশ কংগ্ৰেছ দলৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই শেহতীয়াকৈ  অগপ আৰু ইউপিপিএলক বিজেপিয়ে নিঃশেষ কৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। ৰঙিয়াত সভাপতিগৰাকীয়ে অন্য দলক নিঃশেষ কৰাৰ বাবে ভূপেন বৰাৰ কিবা এজেণ্ডা আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।বিজেপি দলৰ এনে ধৰণৰ কোনো এজেণ্ডা নাই বুলি উল্লেখ কৰি ভৱেশ কলিতাই কয় যে বিজেপি দলৰ লক্ষ্য অসমৰ তিনি কোটি ত্ৰিশ লাখ লোকৰ উন্নতি সাধন কৰাহে। লগতে কংগ্ৰেছ দলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই ভাৰতৰ জনগণ অতিষ্ঠ হৈ বিজেপি দলক আকোৱালি লৈছে বুলি কয় কলিতাই।

অসমৰ ৰাইজৰ আশীৰ্বাদ বুটলি ২০১৬ চনত সৰ্বানন্দ সোণোৱাল আৰু ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলে  চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত দলীয় নেতৃত্বই সম্পূৰ্ণ সহযোগ কৰি যাব বুলিও উল্লেখ কৰে ভৱেশ কলিতাই।

আনহাতে শেহতীয়াকৈ ৰাজ্যত অনুষ্ঠিত হ’ব লগা উপ–নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয় যে দলীয় নেতৃত্বই ছয়খনকৈ আসনৰ বাবে বিজেপি আৰু মিত্ৰজোটে ঐক্যবদ্ধভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। অৱশ্যে আসন ভাগ বতৰা সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি কৈ সভাপতিগৰাকীয়ে চাৰিখন বিজেপিৰ আৰু দুখন ইউপিপিএলৰ লগত বুজাবুজি হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
Published by: Sanjay Kumar Das
First published: August 3, 2021, 10:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি