শনিবাৰে কৈছিল, আমাক মুছলমানৰ ভোট নালাগে৷ হঠাৎ সলনি হ'ল বিজেপিৰ কথা, বিজেপিৰ সুৰ৷ এইবাৰ বিজেপিয়ে কৈছে আমাক সংখ্যালঘুক লাগিব, আমি সংখ্যালঘুৰ কাষ চাপিম, গঢ়িম সম্পৰ্ক৷ কিন্তু বিজেপিৰ এই কথা আৰু সুৰৰ পৰিৱৰ্তন কিয়? দেশজুৰি সংখ্যালঘুৰ প্ৰভূত্ব থকা সমষ্টি হেৰুৱাৰ ভয় নে আন কিবা?
হয়, হঠাৎ বিজেপিৰ হিন্দুত্ববাদী এজেণ্ডা যেন সলনি হ'ল৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ২১ জানুৱাৰী শনিবাৰে সদম্ভে কৈছিল, "আমাক নালাগে মুছলমানৰ ভোট৷ হিন্দু সনাতনী সংস্কৃতিলৈ ভাবুকি আনিছে মুছলমানে৷ আমাৰ বাই-ভনীক ৰাজপথৰ পৰা চোচোৰাই নি অপকৰ্মত লিপ্ত হোৱা মুছলমানৰ ভোট আমাক নালাগে৷ আমাক এনেয়েও ভোট নিদিয়ে মুছলমানে৷ অৱশ্যে খিলঞ্জীয়া মুছলমান আমাৰ লগত আছে৷ আমি সব কা সাথ সব কা বিকাশৰ নীতিৰে মুছলমানৰ উন্নয়ন কৰিম৷ কিন্তু মুছলমানৰ ভোট আমাক নালাগে৷"
মুছলমানৰ ভোট নালাগে বুলি কোৱা সভাপতি কলিতাই পিছে ৪৮ ঘণ্টাতে সলনি কৰিলে কথা, সুৰ৷ কিন্তু কিয়? ইয়াৰ আঁৰত আছে বিজেপিৰ এক সমীক্ষা৷ বিজেপি সংখ্যালঘু মৰ্চাই কৰা এক সমীক্ষাৰ মতে, দেশৰ বহু সমষ্টিত সংখ্যালঘু ভোট নাপালে পৰাজয়ৰ আশংকা বিজেপিৰ৷ ইয়াৰে সংখ্যালঘুৰ ভোটে নিৰ্ণায়ক ভূমিকা লোৱা সমষ্টিৰ ভিতৰত উত্তৰ প্ৰদেশত ১৩টা, বিহাৰত ৪টা, কেৰালাত ৬টা, মধ্য প্ৰদেশত ৩টা, তেলেংগানা ২টা, হাৰিয়ানাত ২টা , মহাৰাষ্ট্ৰত ১টা, জম্মু-কাশ্মীৰত ৫টা আৰু অসমত আছে ৬টা সমষ্টি৷ ৰাজ্যিক বিজেপিলৈ ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশনা সংখ্যালঘু ভোটাৰক কৰিব নালাগে বক্তব্যৰে অসন্তুষ্ট৷ অসমৰ কলিয়াবৰ,নগাঁও, মঙলদৈ, ধুবুৰী, বৰপেটা, কৰিমগঞ্জত থকা সংখ্যালঘু ভোটাৰৰ প্ৰভাৱক নুই কৰি চলিব পৰা নাই বিজেপি৷
এফালে নিজৰ হিন্দুত্ববাদী চৰিত্ৰ অক্ষুন্ন ৰাখিব লাগে আৰু আনফালে সংখ্যালঘু ভোটাৰক অসন্তুষ্ট কৰিব নোৱাৰাৰ নীতি হয়তো তেনে এক দুদোল্যমান অৱস্থাতে সোমবাৰে নিজৰ সুৰ সলালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ কলিতাই এইবাৰ ক'লে, "ভোটৰ সময় এতিয়া অহা নাই৷ আমি সংখ্যালঘুৰ মাজলৈ যাম৷ সংখ্যালঘুৰ মাজত সংগঠন বিস্তাৰ কৰিম৷ গঢ়ি তুলিম সম্পৰ্ক৷"
সেয়ে, এতিয়া পাঠানৰ পৰা মুছলমানৰ ভোট নলগালৈকে সকলোতে সলনি হৈছে বিজেপিৰ স্থিতি, কথা, সুৰ৷ সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিয়ে অনুষ্ঠিত কৰিলে বিষয়ববীয়া বৈঠকৰ৷ আজি মৰিগাঁৱত বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক৷ এই বৈঠকতো যে সংখ্যালঘুক লৈ বিজেপিৰ এটা নীতি স্পষ্ট হ'ব সেয়া নিশ্চিত৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|