• Home
  • »
  • News
  • »
  • assam
  • »
  • Mahashivratri in Sivasagar: শিৱদৌলত ৰাজনৈতিক নেতাৰ ভিৰ, ভৱেশ কলিতাকে ধৰি অখিল গগৈয়ে আগবঢ়ালে নৈবেদ্য

Mahashivratri in Sivasagar: শিৱদৌলত ৰাজনৈতিক নেতাৰ ভিৰ, ভৱেশ কলিতাকে ধৰি অখিল গগৈয়ে আগবঢ়ালে নৈবেদ্য

 ৮০ খন পৌৰসভাই বিজেপিয়ে দখল কৰিব  , মাজুলীত  বিৰোধী নাই :  ভৱেশ কলিতা

 ৮০ খন পৌৰসভাই বিজেপিয়ে দখল কৰিব  , মাজুলীত  বিৰোধী নাই :  ভৱেশ কলিতা

 ৮০ খন পৌৰসভাই বিজেপিয়ে দখল কৰিব  , মাজুলীত  বিৰোধী নাই :  ভৱেশ কলিতা

  • Share this:
ৰাজ্যত পৌৰসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে বিশেষ ব্যস্ত থকা দেখা গৈছে। শিৱসাগৰত নিৰ্বাচনী বতাহৰ সমানে শিৱপূজাক লৈও ব্যস্ত থকা দেখা গ'ল ৰাজনৈতিক নেতাবৰ্গক।

সোমবাৰৰ  পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ শিৱদৌলত আৰম্ভ হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰী পূজাত পুৱাই উপস্থিত হয় ভৱেশ কলিতা (Bhabesh Kalita)। তেওঁ মাজুলী উপ-নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি উল্লেখ কৰি মাজুলীত বিৰোধী বুলিবলৈ কোনো নাই বুলি মন্তব্য কৰে।

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মতে,  " শিৱসাগৰ পৌৰসভাত ১৪টা ৱাৰ্ড আছে।  আটাইকেইটা ৱাৰ্ডেই বিজেপি-অগপৰ মিত্ৰজোঁটে দখল কৰিব। ৰাজ্যৰ ৮০ খন পৌৰসভাই ‍BJPয়ে দখল কৰিব।" 

ভৱেশ কলিতাই শিৱদৌলত আৰম্ভ হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজাত (Mahashivratri) বন্তি প্ৰজ্বলন কৰি  ৰাজ্যবাসীৰ  শান্তি-সম্প্ৰীতি কামনা কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে ৰাজ্যিক মুখপাত্ৰ তথা শিৱসাগৰ জিলা প্ৰভাৰী  ৰূপম গোস্বামী, সুভাষ দত্তয়ো শিৱদৌলত বন্তি প্ৰজ্বলন কৰে।

বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পূৰ্বে পুৱা ৰাইজৰ দলৰ সভাপতি তথা  বিধায়ক অখিল গগৈকো (Akhil Gogoi) শিৱদৌলত উপস্থিত হোৱা পৰিলক্ষিত হয়। নেতাগৰাকীয়েও শিৱদৌলত নৈবেদ্য আগবঢ়ায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি