‘মুখ্যমন্ত্ৰীক তুমি সম্বোধন কৰাতো গ্ৰহণযোগ্য নহয়’ লুৰিণজ্যোতি গগৈৰ PHD ডিগ্ৰীক লৈও সন্দেহ বিজেপি নেতাৰ

News18 Assam | News18-Assam
Updated:January 6, 2020, 3:56 PM IST
‘মুখ্যমন্ত্ৰীক তুমি সম্বোধন কৰাতো গ্ৰহণযোগ্য নহয়’ লুৰিণজ্যোতি গগৈৰ PHD ডিগ্ৰীক লৈও সন্দেহ বিজেপি নেতাৰ
Source-Google

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যাসয়ত মুখপাত্ৰ সুভাষ দত্ত আৰু ৰূপম গোস্বামীৰ সংবাদমেল

  • Share this:
ৰাজ্যত চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। যলৈকে গৈছে তাতেই প্ৰতিবাদকাৰীৰ ৰোষত পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰতিবাদকাৰীয়ে দেখুৱাইছে ক’লা পতাকা। মুখ্যমন্ত্ৰী সোণোৱালেও আনকি তেওঁক একাষৰীয়া নকৰিবলৈ ৰাজ্যবাসীক অনুৰোধ জনাইছে। কালি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতো আনকি মুখ্যমন্ত্ৰী গ’বেক ধ্বনি দিয়ে উপস্থিত একাংশ দৰ্শকে।



ৰাজ্যত CAAবিৰোধী প্ৰতিবাদ চলি থকাৰ মাজতে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত আৰু ৰূপম গোস্বামীয়ে সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দুয়োগৰাকীয়ে ‘কা’ বিৰোধী প্ৰতিবাদকাৰীক উদ্দেশ্যি কৰে তীৰ্যক মন্তব্য।



বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় কে, ‘আন্দোলনৰ নামত একাংশই শালীনতাৰ চৰম সীমা অতিক্ৰম কৰিছে। মুখ্যমন্ত্ৰীক তুমি সম্বোধন কৰা গ্ৰহণ যোগ্য নহয়।’ ৰাজ্যৰ শিল্পীসমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাকো কটাক্ষ কৰি গোস্বামীয়ে কয় যে, ‘বিশেষ উদ্দেশ্যৰে চলিছে আন্দোলন। মুখ্যমন্ত্ৰী সন্দৰ্ভত লুৰিনজ্যোতি গগৈয়ে কৰা মন্তব্য অশোভনীয়।’ আনকি লুৰিণজ্যোতি গগৈৰ PHD ডিগ্ৰীক লৈও প্ৰশ্ন কৰে ৰূপম গোস্বামীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি