অচিৰেই ঘোষিত হ'ব বিজেপিৰ নতুন ৰাজ্যিক কমিটী, কোন কোন থাকিব টীম ৰণজিত্ দাসত?

ইতিমধ্যে চূড়ান্ত মোহৰ লগাবলৈ ৰাজ্যিক কমিটীয়ে দিল্লীলৈ প্ৰেৰণ কৰিছে তালিকাখনয়৷ তালিকাত কোন কোন?
ইতিমধ্যে চূড়ান্ত মোহৰ লগাবলৈ ৰাজ্যিক কমিটীয়ে দিল্লীলৈ প্ৰেৰণ কৰিছে তালিকাখনয়৷ তালিকাত কোন কোন?
- News18 Assam
- Last Updated: June 25, 2020, 10:07 PM IST
অচিৰেই ঘোষিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন কমিটীখন ৷ বিশেষকৈ সাধাৰণ সম্পাদক কোন কোন হ'ব তাক লৈ চৰ্চা অধিক ৷ তিনিজন সাধাৰণ সম্পাদকৰ ভিতৰত এজন নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা হোৱাৰ বিপৰীতে দ্বিতীয়টো পদবীত যুৱ নেতা তৰংগ গগৈৰ নাম তালিকাত আছে বুলি বিজেপিৰ এক সুত্ৰৰ পৰা জানিব পৰা গৈছে ৷
তৃতীয়টো সম্পাদকৰ পদত কোন? তৃতীয়টো ৰাজ্যিক সম্পাদকৰ পদক লৈ বিবুদ্ধিত ৰাজ্যিক নেতৃত্ব ৷ তৃতীয়টো পদৰ বাবে দিল্লীলৈ গৈছে দুটাকৈ নাম ৷ নাম গৈছে জয়ন্ত কুমাৰ দাস আৰু দীপ্লুৰঞ্জন শৰ্মাৰ ৷ এই দুই যুৱনেতাৰ ভিতৰত যিকোনো এজন থাকিব টীম ৰণজিৎ দাসত ৷ আনহাতে, ৰণজিৎ দাসৰ দৰে যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনেই দ্বিতীয় ইনিংছ আগুৱাই নিয়াৰে সম্ভাৱনা ৷