চৰ্চাত থাকি ভালপাই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। ছচিয়েল মিডিয়াতো অত্যন্ত এক্টিভ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকী। এইবাৰ আঙুৰলতা ডেকাই আৰম্ভ কৰিছে এক নতুন অভিযান। মাজুলীৰ গাঁৱে গাঁৱে এতিয়া ন-বোৱাৰী বিচৰাত ব্যস্ত আঙুৰলতা ডেকা।
প্ৰাক্তন বিধায়িকাগৰাকীয়ে গাঁৱে গাঁৱে ঘূৰি নতুন বোৱাৰীক নতুন বছৰৰ শুভেচ্ছা দিয়াৰ লগতে শীঘ্ৰে এখন নতুন আঁচনিৰ অধীনলৈ সকলোকে আনিব বুলি জানিবলৈ দিছে।
সোমবাৰে মাজুলীৰ গড়মূৰত উপস্থিত হয় আঙুৰলতা ডেকা। আঙুৰলতাই অঞ্চলটোৰ খনাচুক গাঁৱৰ ন-বোৱাৰীসকলক নতুন বছৰৰ শুভেচ্ছা জনায়। লগতে সংসাৰৰ দিনবোৰ বাবে সুন্দৰ ভাবে পাৰ হয় বা ন-বোৱাৰীসকল যাতে সমাজ সংস্কৃতিৰ এক আদৰ্শ হ'ব পাৰে, তাৰে কামনা কৰে আঙুৰলতা ডেকাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|