உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Municipal Election: পৌৰসভা নিৰ্বাচনৰ ৰণশিঙা বজালে ৰাজ্যিক বিজেপিয়ে, মুখ্যমন্ত্ৰীৰ উপস্থিতিত পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা

    Assam Municipal Election: পৌৰসভা নিৰ্বাচনৰ ৰণশিঙা বজালে ৰাজ্যিক বিজেপিয়ে, মুখ্যমন্ত্ৰীৰ উপস্থিতিত পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা

    সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰী-সহ প্ৰভাৰী, মণ্ডল সভাপতি আদি উপস্থিত সভাত

    সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰী-সহ প্ৰভাৰী, মণ্ডল সভাপতি আদি উপস্থিত সভাত

    সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰী-সহ প্ৰভাৰী, মণ্ডল সভাপতি আদি উপস্থিত সভাত

    • Share this:

    অহা ৬ মাৰ্চত হ'বলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে দলীয় কুচকাৱাজ আৰম্ভ কৰিছে। গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেণ্টাৰত (Pragjyoti ITA Centre) মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শনিবাৰে এখন পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়  (municipal election preparatory meeting)। কাৰ্যকৰ্তাসকলক উদ্দেশ্যি সভাত আদৰণী ভাষণ দি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই নিৰ্বাচনত দলৰ জয় সু-নিশ্চিত কৰাৰ বাবে সু-পৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় সকলোকে(।


    তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নেতৃত্বত ৰাজ্যৰ পৌৰসভা এলেকাসমূহৰ উন্নয়নৰ গতি তৰান্বিত হৈছে আৰু এই গতিধাৰা অব্যাহত ৰখাৰ বাবে সকলোৱে প্ৰয়াস কৰিব লাগিব।সভাত ভষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি দল (BJP)ক ৰাইজৰ অধিক ওচৰ চপাই নিবলৈ কার্যকর্তাসকলে গুৰুত্বপূর্ণ ভূমিকা ল'ব লাগিব। সমাজৰ বাবে উৎসর্গিত মনােভাৱেৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নগৰ নিকায়সমূহক অধিক ৰূপান্তৰমুখী কৰাৰ বাবে ঐকান্তিকতাৰে নিজকে নিয়ােজিত কৰিব লাগিব।


    পৌৰসভা আৰু পঞ্চায়ত নির্বাচন দলবিহীনভাৱে অনুষ্ঠিত কৰাৰ পােষকতা কৰা হৈছে যদিও সময়ৰ নাটনিৰ বাবে এয়া সম্ভৱ হৈ নুঠিব। যিসকলে সমাজৰ বাবে কাম কৰাৰ বাবে ইচ্ছুক, সেইসকল সৎ আৰু উৎসর্গিত মনােভাবেৰে কাম কৰা ব্যক্তিক নির্বাচনত অগ্রাধিকাৰ দিয়াৰ বাবে প্রয়াস চলােৱা হ'ব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে  দুর্নীতিপৰায়ণ আৰু অযােগ্য ব্যক্তিক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ দিলে তৃণমূল পর্যায়ত উন্নয়ণৰ প্রক্রিয়াটো বাধাপ্রাপ্ত হয়।


    মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ১০২খন পৌৰ এলেকাত পথ, নলা-নৰ্দমা, ষ্ট্রীট লাইট, উদ্যান, ষ্টেডিয়ামকে ধৰি উন্নত আন্তঃগাঁথনি গঢ়ি তােলাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাইছে। এই উন্নয়নমূলক কাম-কাজসমূহ নিয়াৰিকৈ কৰি তুলিবলৈ নিকা ভাবমূৰ্তি আৰু উৎসর্গিত মনােভাৱেৰে কাম কৰা ব্যক্তিৰ প্রয়ােজন।


    প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সপােনক বাস্তৱায়িত কৰিবলৈ হ'লে সকলােধৰণৰ বাধা নেওচি কাম কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সুৰা ব্যৱসায়ৰ বাহিৰে পঞ্চায়ত এলেকাত কোনাে ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ প্রয়ােজন নহ'ব। সকলাে জিলাতে সংহত উপায়ুক্তৰ কার্যালয় নির্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে আৰু ইয়াৰ ফলত বিভিন্ন চৰকাৰী কার্যালয়ৰ সুবিধাসমূহ এতিয়া একে ঠাইতে উপলব্ধ হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।


    সভাত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অশোক সিংহালে পৌৰসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰা নীতি-নিৰ্দেশনাৰ লগতে প্ৰাথমিক কাৰ্যপন্থা সন্দৰ্ভত দলীয় কাৰ্যকৰ্তাসকলক চমু আভাস দিয়ে। ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে দলৰ সাংগঠনিক কাম-কাজৰ বিভিন্ন দিশ সন্দৰ্ভত কাৰ্যকৰ্তাসকলৰ মাৰ্গ দৰ্শন কৰে।


    শনিবাৰৰ এই প্ৰস্তুতি সভাত বিভিন্ন মৰ্চাসমূহৰ সংযুক্ত সভাৰ লগতে কোষৰ কাৰ্যকৰ্তাসকলৰো বিশেষ সভা অনুষ্ঠিত হৈ যায়। সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে (Pallab Lochan Das) আঁত ধৰা অনুষ্ঠানত ৰাষ্ট্ৰীয় উপসভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় পুলক গোহাঁই, দীপ্লু ৰঞ্জন শৰ্মাৰ লগতে দলৰ সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰী-সহ প্ৰভাৰী, মণ্ডল সভাপতিৰ লগতে পৌৰ সভাৰ দায়িত্বপ্ৰাপ্তসকল উপস্থিত থকা পৰিলক্ষিত হয় ৷

    Published by:Gautam Barman
    First published: