তদুপৰি অহা মঙলবাৰৰ পৰা থাওৰা সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলোৱাৰ হ'ব বুলি ঘোষণা কৰে তেওঁলোকে।
তদুপৰি অহা মঙলবাৰৰ পৰা থাওৰা সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলোৱাৰ হ'ব বুলি ঘোষণা কৰে তেওঁলোকে।
"থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে এহেজাৰ ভোটো লাভ নকৰে, লিখি ৰাখক। অখিল গগৈৰ কথাৰ কোনো মূল্য নাই।" – সোমবাৰে শিৱসাগৰত অনুষ্ঠিত এখন সংবাদমেলত এই মন্তব্য কৰে বিজেপিৰ জিলা প্ৰভাৰী তথা ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে।
উল্লেখযোগ্য যে থাওৰাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অখিল গগৈয়ে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে উপ–নিৰ্বাচনত গাখীৰেৰে গা ধুই আহিলেও জয়ী হ'ব নোৱাৰে বুলি কটাক্ষ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ হিচাপেই সংবাদ মেলত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক উভতি ধৰে ৰূপম গোস্বামীয়ে। তেওঁ লগতে অখিল গগৈয়ে ৰাতি এটা, দিনত এটা কথা কয় বুলিও সমালোচনা কৰে।
লক্ষ্যণীয় যে শেহতীয়াকৈ শিৱসাগৰত জিলা বিজেপিৰ প্ৰভাৰী হিচাপে ৰূপম গোস্বামী আৰু সহঃ প্ৰভাৰী হিচাপে সুভাষ দত্তক দায়িত্ব দিছে গেৰুৱা দলৰ নেতৃত্বই। সেইসূত্ৰে আজি শিৱসাগৰৰ পিক'লু হোটেলত দুয়োগৰাকী যুৱ নেতাই সংবাদমেল সম্বোধন কৰি অহা পাঁচ বছৰৰ পিছত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত শিৱসাগৰ জিলাৰ চাৰিওটা সমষ্টিত জয়ী হোৱাৰ ৰণকৌশল প্ৰস্তুত কৰিব বুলি ব্যক্ত কৰে।
তদুপৰি অহা মঙলবাৰৰ পৰা থাওৰা সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলোৱাৰ হ'ব বুলি ঘোষণা কৰে তেওঁলোকে।
আনহাতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিৱসাগৰৰ উন্নতি সাধন কৰাৰ আশ্বাস দিয়ে সংবাদমেলত। ইতিমধ্যে বিজেপি চৰকাৰে পেকেজ ঘোষণা কৰা বুলি উল্লেখ কৰি ৰাইজে মিত্ৰজোঁট চৰকাৰৰ প্ৰতি যি আস্থা–বিশ্বাস ৰাখিছে সেই বিশ্বাস অটুট থকাৰ কামেই কৰাৰ কথা সদৰি কৰে ৰূপম গোস্বামীয়ে।
ইপিনে ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ তাৰিখৰ পৰা আৰম্ভ কৰি ২০ দিন ধৰি সেৱা আৰু সমাৰ্পন মনোভাৱেৰে দলে কাৰ্যসূচী ৰূপায়নৰ কথা ঘোষণা কৰে। শিৱসাগৰৰতো প্ৰত্যেকটো উপাসনাস্থলীত নৈবেদ্য আগবঢ়োৱা পৰিকল্পনাৰ কথাও উল্লেখ কৰে সুভাষ দত্তই। ইপিনে, কোৰোণা ভাইৰাছে সৃষ্টি কৰা পৰিৱেশৰ বাবেই সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি মন্তব্য কৰে ৰূপম গোস্বামীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|