ভাৰতীয় জনতা পার্টী, অসম প্রদেশে দলৰ ৰাজ্যিক বিষয়ববীয়াৰ বৈঠকসমূহ ৰাজধানী মহানগৰ গুৱাহাটীৰ পৰিৱৰ্তে ৰাজ্যৰ বিভিন্ন প্রান্তত থকা মফচলীয়া চহৰ আৰু গ্রামাঞ্চলত আয়ােজন কৰাৰ বাবে সিদ্ধান্ত লৈছে। দলৰ নীতি, আদর্শ আৰু বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কল্যাণকামী আঁচনিসমূহক সর্বব্যাপী আৰু সর্বস্পর্শী কৰি তােলাৰ বাবে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই সিদ্ধান্ত লৈছে।
দলৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এই কথা জানিবলৈ দিয়ে। এতিয়াৰে পৰা দলৰ বিষয়ববীয়াসকলে মফচলীয়া চহৰ, গ্রামাঞ্চলত ৰাত্রি যাপন কৰি বৈঠকত ভাগ ল'ব লাগিব। সভাপতি ভৱেশ কলিতাই স্পষ্টভাৱে কয় যে বৈঠকত ভাগ ল'বৰ বাবে দলৰ ৰাজ্যিক বিষয়ববীয়াসকল এদিন পূর্বে সংশ্লিষ্ট স্থানত উপস্থিত হৈ স্থানীয় কার্যকর্তাৰ ঘৰত ৰাত্রি যাপন কৰিব। লগতে ভােজন আদিও কার্যকর্তাসকলৰ ঘৰতে ৰাজ্যিক বিষয়ববীয়াসকলে গ্ৰহণ কৰিব।
দলৰ তৃণমূল পর্যায়ৰ কৰ্মীসকলৰ সৈতে ৰাজ্যিক পর্যায়ৰ নেতৃত্বৰ এক গভীৰ আত্মীয়তা গঢ়ি তােলাৰ বাবেই বিজেপিৰ সভাপতিয়ে এই সিদ্ধান্ত লৈছে বুলি মুখপাত্রগৰাকীয়ে জানিবলৈ দিয়ে। কৃষিপ্রধান আমাৰ সমাজ ব্যৱস্থাত কৃষক আৰু মধ্যবিত্তই হ’ল সমাজৰ মূল চালিকাশক্তি। অসমৰ কৃষক আৰু মধ্যবিত্ত সমাজৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেঁটি পূর্বৰে পৰা মজবুত আৰু শক্তিশালী। দলৰ এই শক্তিশালী ভেটিক আৰু অধিক সুদৃঢ় কৰাৰ মানসেৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এলানি ব্যতিক্রমধর্মী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছে। মফচলীয়া চহৰ আৰু গাঁৱত ৰাজ্যিক বিষয়ববীয়াৰ বৈঠক পতাৰ বাবে লােৱা সিদ্ধান্তও ব্যতিক্রমধর্মী কাৰ্যসূচীৰে অংশমাথােন। ৰাজ্যিক সভাপতি এনেধৰণৰ বলিষ্ঠ সিদ্ধান্তই দলীয় কার্যকর্তাৰ মনােবল বৃদ্ধি কৰাৰ লগতে দলত সাংগঠনিক ভেটি সমাজৰ সর্বস্তৰত বিয়পাই দিয়াত সহায়ক হ'ব বুলি মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই আশা ব্যক্ত কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|