• Home
  • »
  • News
  • »
  • assam
  • »
  • 'সত্ৰৰ সীমা নিৰ্ধাৰণৰ খুটাত নহয়, শ্বেৰমানে গোৰ মাৰিলে অসমীয়া জাতিৰ বুকুত'- বিতৰ্কিত শ্বেৰমানক গ্ৰেপ্তাৰৰ দাবী ৰাজ্যিক বিজেপিৰ

'সত্ৰৰ সীমা নিৰ্ধাৰণৰ খুটাত নহয়, শ্বেৰমানে গোৰ মাৰিলে অসমীয়া জাতিৰ বুকুত'- বিতৰ্কিত শ্বেৰমানক গ্ৰেপ্তাৰৰ দাবী ৰাজ্যিক বিজেপিৰ

সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া আয়োগ এতিয়া সৰৱ শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ৷

সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া আয়োগ এতিয়া সৰৱ শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ৷

সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া আয়োগ এতিয়া সৰৱ শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ৷

  • Share this:
সত্ৰৰ ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত বৰপেটাত বিধায়ক শ্বেৰমান আলী আহমেদে কৰা প্ৰৰোচনামূলক মন্তব্য আৰু সত্ৰৰ সীমা নিৰ্ধাৰণকাৰী খুটাত গোৰ কাৰ্যক লৈ এতিয়া সৰৱ হৈ পৰিছে শাসকীয় পক্ষ ৷ শুকুৰবাৰে সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে গঠন কৰি দিয়া আয়োগে শ্বেৰমান আলী আহমেদক সকীয়নি দিয়ে আৰু BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিধায়ক শ্বেৰমানক শীৰ্ঘে গ্ৰেপ্তাৰ কৰাৰ দাবী জনালে ৷

সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া আয়োগ এতিয়া সৰৱ শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ৷ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই ক'লে- “শ্বেৰমান আলী আহমেদে অক্ষমণীয় দোষ কৰিলে ৷ তেওঁ সত্ৰৰ সীমা নিৰ্ধাৰণকাৰী খুটাত গোৰ মাৰি জাতিৰ বুকুত গোৰ মাৰিলে ৷”

শ্বেৰমান আলী আহমেদে আগন্তুক সময়ত আয়োগৰ কামত বাধা দিলে চৰকাৰে ব্যৱস্থা ল'ব বুলিও সদৰি কৰে আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই ৷

ইপিনে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শ্বেৰমান আলী আহমেদক শীৰ্ঘে গ্ৰেপ্তাৰৰ দাবী তুলিলে ৷ ভৱেশ কলিতাই ক'লে- “মাজে সময়ে বিতৰ্কৰ থাকি ভাল পায় শ্বেৰমান আলী আহমেদে । আকৌ জেল যোৱা পথ পথ প্ৰশস্ত হৈছে । আটক কৰিব লাগে সোনকালে শ্বেৰমানক ৷ আকৌ ৰঙা ঘৰৰৰ ভাত খাব লাগে ৷ কংগ্ৰেছে গা এৰা মন্তব্য দিছে শ্বেৰমানক লৈ৷”

একেদৰে বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে সৰৱ হৈ উঠিল BJPৰ মুখপাত্ৰ সুভাষ দত্তও ৷ ৰাজ্যিক BJPৰ কাৰ্যালয়ত সংবাদমেল পাতি এজাউৰি দিলে বিধায়ক শ্বেৰমানক ৷

উল্লেখযোগ্য যে সত্ৰৰ মাটি বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলি আহমেদৰ বিৰুদ্ধে কঠোৰ ধাৰাত পৰৱৰ্তী সময়ত আইন উলংঘাকাৰী কাম বা মন্তব্য কৰিলে গ্ৰহণ কৰিব বুলি বৃহস্পতিবাৰে সদৰি কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
Published by:Himangshu Bhuyan
First published: