• Home
  • »
  • News
  • »
  • assam
  • »
  • Sarbananda Sonowal : মাছখোৱাত সৰ্বানন্দ সোণোৱালক অভিনন্দন ৰাজ্যিক বিজেপিৰ, সোণোৱালে ক'লে– Nation First, Self Last

Sarbananda Sonowal : মাছখোৱাত সৰ্বানন্দ সোণোৱালক অভিনন্দন ৰাজ্যিক বিজেপিৰ, সোণোৱালে ক'লে– Nation First, Self Last

''আজি মই যি স্থানত আছোঁ, সেয়া স্থায়ী নহয়, দেশ সেৱাৰ বাবেহে এই দায়িত্ব দিয়া হৈছে, কাইলৈ হয়তো বেলেগ এজন যোগ্য বুলি বিবেচিত হ'ব''- সৰ্বানন্দ সোণোৱাল

''আজি মই যি স্থানত আছোঁ, সেয়া স্থায়ী নহয়, দেশ সেৱাৰ বাবেহে এই দায়িত্ব দিয়া হৈছে, কাইলৈ হয়তো বেলেগ এজন যোগ্য বুলি বিবেচিত হ'ব''- সৰ্বানন্দ সোণোৱাল

''আজি মই যি স্থানত আছোঁ, সেয়া স্থায়ী নহয়, দেশ সেৱাৰ বাবেহে এই দায়িত্ব দিয়া হৈছে, কাইলৈ হয়তো বেলেগ এজন যোগ্য বুলি বিবেচিত হ'ব''- সৰ্বানন্দ সোণোৱাল

  • Share this:
ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় ব’ৰ্ড আৰু নিৰ্বাচনী সমিতিত স্থান লাভ কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গৃহৰাজ্যত পদাৰ্পণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত লাভ কৰা এই সন্মানৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যলৈ অহাৰ পিছত আজি ৰাজ্যক বিজেপিয়ে তেওঁক মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক কেন্দ্ৰত অভিনন্দন জনায়।

অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ডাঃ ৰণোজ পেগু, চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ দাস, পৰিমল শুক্লবৈদ্য, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই, ৰমেন ডেকা, বিধায়ক নৱ দলেকে ধৰি বহুকেইগৰাকী মন্ত্ৰী–বিধায়ক, সাংসদ উপস্থিত থাকে।

অভিনন্দন গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত এনে গুৰুত্বপূৰ্ণ স্থানত উত্তৰ–পূবৰ পৰা এজনক দায়িত্ব দিয়াৰ প্ৰসংগত জে পি নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু বি এল সন্তোষৰ নাম স্মৰণ কৰে। সোণোৱালে কয়– '' এয়া সৰ্বানন্দ সোণোৱালক দিয়া সন্মান নহয়, উত্তৰ-পূবৰ ৰাইজক দিয়া সন্মান। ১৯৮০ চনৰ পৰা দলৰ হৈ কাম কৰি যোৱা প্ৰতিজনক বিজেপি কৰ্মীক শ্ৰদ্ধা জনাইছোঁ। এই মুহূৰ্তত ২০১১ চনত এই মঞ্চত মোক আপোনালোকে যি দায়িত্ব দি সেৱা কৰাৰ সুযোগ দিছিল, এই মুহূৰ্তত সেই সকলোকে মই শ্ৰদ্ধা জনাইছোঁ।''

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়– সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে nation first, self last। টীম ইণ্ডিয়াৰ মন্ত্ৰ লৈ আমি আগবাঢ়িছোঁ। পৰিকল্পনা লোৱা হৈছে যাতে সমাজৰ প্ৰতিটো স্তৰৰ মানুহ উপকৃত হয়। আজি মই যি স্থানত আছোঁ, সেয়া স্থায়ী নহয়, দেশ সেৱাৰ বাবেহে এই দায়িত্ব দিয়া হৈছে। কাইলৈ হয়তো বেলেগ এজন যোগ্য বুলি বিবেচিত হ'ব, তেওঁক দায়িত্ব দিয়া হ'ব। মই এই সন্মানৰ বাবে যোগ্য নহয়। এই দলটোক এই অৱস্থালৈ অনাত মোতকৈ বহু বেছি অৰিহণা আছে বহু লোকৰ। আমাৰ কাম-কাজ, আচাৰ-আচৰণ সকলো ৰাইজে চাই থাকে।''



সোণোৱালে অসমখনক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰতে এক নম্বৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰাৰ লগতে শিক্ষক দিৱস উপলক্ষে শিক্ষক সমাজলৈ শুভেচ্ছা জনোৱাৰ লগতে অভিনন্দন জনোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি