ছিপাঝৰৰ গৰুখুঁটি ধলপুৰত উচ্ছেদস্থলীত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ বিৰোধী দলসমূহক কুটিল ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৰাজ্যিক বিজেপিয়ে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে দলৰ মুখ্য মুখপাত্ৰ কামাখ্যা প্ৰসাদ তাছাই কয় যে উক্ত ঘটনা সন্দৰ্ভত বিৰোধী দলসমূহে ৰাজনীতিকৰণ কৰি নিকৃষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰিলে।
তাজাই বিবৃতিটোত উল্লেখ কৰে যে জনসাধাৰণৰ কল্যাণ তথা ৰাইজক সুৰক্ষিত কৰাটো হৈছে চৰকাৰ দায়িত্ব। গৰুখুঁটি ধলপুৰত থকা বেদখলকাৰীক আঁতৰি যাবলৈ চৰকাৰে পূৰ্বে নিৰ্দেশ প্ৰদান কৰিছিল যদিও তৃতীয় পক্ষৰ প্ৰৰোচনাত পৰি চৰকাৰৰ নিৰ্দেশ মনা নাছিল।
আনহাতে আজি দিনৰ ভাগত আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীক সকলো প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ কোনো বুজনি নামনি তথা চৰকাৰৰ নীতি–নিৰ্দেশনা নামনি এক অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা কৰে, যাৰ পৰিণতিত পৰিস্থিতি নিয়ন্ত্ৰণত অনাৰ কাৰণে আৰক্ষী কঠোৰ হ'বলৈ বাধ্য হয় বুলি তাছাই উল্লেখ কৰে।
তাছাই লগতে কয় যে মৃত্যু কোনেও কামনা নকৰে, কিন্তু চৰকাৰখনে জনসাধাৰণৰ হিতকৰ কাৰণে কৰা কামৰ পথত যদি কোনোৱে বাধা প্ৰদান কৰে, তেন্তে সেই সকল নিশ্চয়কৈ অপৰাধী হ'ব আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোনো অপৰাধীকে আশ্ৰয় নিদিয়ে।
ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃত দোষীক চিনাক্ত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি ৰাজ্যিক বিজেপিয়ে সোনকালেই এই ঘটনাৰে জড়িত প্ৰকৃত দোষী পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|