টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি পতাৰণা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিব টাই আহোম যুৱ পৰিষদ৷ বিগত নিৰ্বাচনসমূহত জনজাতিকৰণৰ বিষয়টোক নিৰ্বাচনৰ ইচ্ছু হিচাপে লৈ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিব টাই আহোম যুৱ পৰিষদে৷
চৰাইদেউ জিলাৰ সোণাৰি নগৰস্থিত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা স্মৃতি ভৱনত এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে বিষয়ববীয়া সকলে।
অহা ১৫ মাৰ্চত দিল্লী কঁপাবলৈ সাজু হৈছে টাই আহোম যুৱ পৰিষদ। টাই আহোমসকলক জনজাতিকৰণ কৰাৰ দাবীত সংগঠনটোৱে দিল্লীৰ যন্তৰ-মন্তৰত গ্ৰহণ কৰিব প্ৰতিবাদী কাৰ্যসূচী। টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয় যে, জনজাতিকৰণৰ নামত টাই আহোম জনগোষ্ঠীক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি অহিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে দেশ তথা ৰাজ্যত শাসন কৰি অহা ৰাজনৈতিক দলসমূহে৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|