কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত। ৫ ৰাজ্যৰ ১৭ জনগোষ্ঠী আৰু ৫টা উপজাতিক জনজাতিৰ মৰ্যাদা। ছত্তীশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশৰ বহু জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা। হিমাচল প্ৰদেশৰ চিৰমূৰ জিলাৰ হাট্টী জনগোষ্ঠীয়ে ১৯৬৭ৰ পৰাই জনজাতিৰ মৰ্যাদাৰ বাবে দাবী কৰিছিল। জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় ৩ লাখ। সংবিধানৰ অনুসূচিত জনজাতি আদেশ, ১৯৫০ সংশোধন কৰি জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা দিবলৈ সংসদত বিধেয়ক উত্থাপন কৰা হ’ব।
পাঁচখন ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক দিয়া হৈছে STৰ মৰ্যাদা। তামিলনাডুৰ নাৰীকুৰাভাৰ, কৰ্ণাটকৰ বেট্টা–কুৰুবা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা। ছত্তীশগড়ৰ ব্ৰিজিয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা। ছত্তীশগড়ৰ আন ১১ টা জনগোষ্ঠীকো জনজাতিৰ মৰ্যাদা দিয়া হৈছে। তামিলনাডুৰ কুৰীভিক্কাৰাম জনগোষ্ঠী, উত্তৰ প্ৰদেশৰ গোণ্ড জনগোষ্ঠী আৰু ৫ উপজাতিক জনজাতিৰ মৰ্যাদা প্ৰদান।
কিন্তু অসমৰ ৬ জনগোষ্ঠীলৈ নাহিল কোনো সুখবৰ। আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী বঞ্চিত হ’ল এই তালিকাৰ পৰা। পুনৰ প্ৰতাৰিত হ’ল জনজাতিৰ মৰ্যাদা দাবী কৰি অহা অসমৰ ৬ প্ৰধান জনগোষ্ঠী। কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বাবে বঞ্চিত হ’ল মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোক। কেইবা দশক ধৰি জনজাতিৰ মৰ্যাদা দাবী কৰি অহাৰ পিছতো অসমৰ এই ৬ জনগোষ্ঠীয়ে আজি পৰ্যন্ত লাভ নকৰিলে জনজাতিৰ মৰ্যাদা।
বিজেপিৰ চৰকাৰ আহিলেই ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বুলি ডিঙিৰ শিৰ ফুলাই ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমিত শ্বাহকে ধৰি বিজেপি নেতৃত্বই। প্ৰতিটো নিৰ্বাচনী ভাষণতে জনজাতিৰ মৰ্যাদা দিব বুলি প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। কিন্তু বুধবাৰৰ কেবিনেটত অসমৰ এটা জনগোষ্ঠীৰো নাম অন্তৰ্ভুক্ত নহ’ল জনজাতিৰ তালিকাত। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অসমৰ ৬ জনগোষ্ঠী।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 15, 2022, 09:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।