உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • independence Day 2021 : স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়াত ৰক্তদান শিবিৰ, SSBৰ অৰ্ধশতাধিক বিষয়া-জোৱানে কৰিলে ৰক্তদান।

    independence Day 2021 : স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়াত ৰক্তদান শিবিৰ, SSBৰ অৰ্ধশতাধিক বিষয়া-জোৱানে কৰিলে ৰক্তদান।

    SSBৰ ডিজিপি জগদীপ পাল সিঙে কয়- ৰক্তদানে কাৰোবাৰ জীৱন ৰক্ষা কৰাত সহায় কৰে। ৰক্তদানৰ দৰে মহান সেৱাই দুৰ্গতজনৰ জীৱন ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

    • Share this:
      ৰক্তদান মহান দান । এই কথাষাৰ সৰোগত কৰি ৰঙিয়াৰ এছএছবি (SSB) কেম্পৰ ছেক্টৰ হেডকোৱাৰ্টাৰত ৰক্তদান (Blood Donation) শিবিৰৰ আয়োজন কৰা হয় । দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এছএছবিয়ে গ্ৰহণ কৰা কেইবাটাও কাৰ্যসূচীৰ ভিতৰত অন্যতম ৰক্তদান শিবিৰত SSBৰ অৰ্ধশতাধিক বিষয়া, জোৱানে ৰক্তদান কৰে ।

      SSBৰ ডিজিপি জগদীপ পাল সিঙে উদ্বোধন কৰা ৰক্তদান শিবিৰটোত ৰক্তদান সম্পৰ্কে ব‍্যাখ‍্যা কৰে গুৱাহাটী মেডিকেল কলেজৰ ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীপাংকৰ বৰুৱাই । চিকিৎসক দীপাংকৰ বৰুৱাই জোৱানসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে মত বিনিময় কৰে ।

      শিবিৰটো উদ্বোধন কৰি SSBৰ ডিজিপি জগদীপ পাল সিঙে কয়- ৰক্তদানে কাৰোবাৰ জীৱন ৰক্ষা কৰাত সহায় কৰে । বিশেষকৈ ঠেলাছেমিয়া ৰোগী আৰু দুৰ্ঘটনাৰ সময়ত কেতিয়াবা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিৰ বাবে পৰিয়ালৰ লোকে ৰক্ত বিচাৰি হাহাকাৰ কৰিব লগা হয় । এনে ক্ষেত্ৰত ৰক্তদানৰ দৰে মহান সেৱাই দুৰ্গতজনৰ জীৱন ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি দোহাৰে ডিজিপি জগদীপ পাল সিঙে। লগতে এই শিবিৰত অৰ্ধশতাধিক SSBৰ বিষয়া, জোৱানে আগবাঢ়ি আহি ৰক্তদান কৰাটো এক শুভ লক্ষণ বুলি কয় ।  শিবিৰটোত অনুষ্ঠিত কৰাত ৰঙিয়া মডেল হস্পিটালৰ কৰ্মীয়ে সহায় আগবঢ়ায় ।
      Published by:Manjumoni Borah
      First published: