উৎকট গৰমত ৰাজস্থানত মৃত্যু অসমৰ SSB জোৱানৰ

ৰাজস্থানৰ আলৱাৰত কৰ্মৰত আছিল অনন্ত বৰুৱা নামৰ জোৱানজন৷

news18assam
Updated:June 14, 2019, 5:57 PM IST
উৎকট গৰমত ৰাজস্থানত মৃত্যু অসমৰ SSB জোৱানৰ
ৰাজস্থানৰ আলৱাৰত কৰ্মৰত আছিল অনন্ত বৰুৱা নামৰ জোৱানজন৷
news18assam
Updated: June 14, 2019, 5:57 PM IST
উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ এজন SSB জোৱানৰ। ৰাজস্থানৰ আলৱাৰত কৰ্মৰত আছিল অনন্ত বৰুৱা নামৰ জোৱানজন৷ মৃত জোৱানজনৰ ঘৰ লখিমপুৰৰ আজাদৰ ৰংপুৰীয়া গাঁৱত৷ ২০০২ চনত SSBত যোগদান কৰিছিল পুৰন্দৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ অনন্ত বৰুৱাই৷ ১২ জুনত কৰ্তব্যৰত অৱস্থাত মৃত্যুক আঁকোৱালি লয় SSBৰ ৩১ বেটেলিয়নৰ জোৱানজনে৷ আজি নিজগৃহলৈ অনা হয় বৰুৱাৰ মৃতদেহ। লখিমপুৰ আৰক্ষী-প্ৰশাসন, CRPFৰ উপস্থিতিত জোৱান জনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। জোৱানজনৰ মৃত্যুত লখিমপুৰত শোকৰ ছাঁ পৰিছে৷
আৰু চাওক পৰৱৰ্তী বাতৰি