পুনৰ শৃংখল চলিহাৰ হুংকাৰ- CAA বিৰোধী আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ চকুপানীৰ মূল্য ভৰিব লাগিব চৰকাৰে

News18 Assam | News18-Assam
Updated:June 12, 2020, 8:28 PM IST
পুনৰ শৃংখল চলিহাৰ হুংকাৰ- CAA বিৰোধী আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ চকুপানীৰ মূল্য ভৰিব লাগিব চৰকাৰে
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সংবাদ শিৰোনাম দখল কৰা জাতীয়তাবাদী নেতা শৃংখল চলিহাই দিলে পুনৰ হুংকাৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সংবাদ শিৰোনাম দখল কৰা জাতীয়তাবাদী নেতা শৃংখল চলিহাই দিলে পুনৰ হুংকাৰ

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সংবাদ শিৰোনাম দখল কৰা জাতীয়তাবাদী নেতা শৃংখল চলিহাই দিলে পুনৰ হুংকাৰ। মঙলবাৰে সংবাদমেল সম্বোধন কৰি নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত আকৌ এবাৰ চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে শৃখল চলিহাই। শৃংখল চলিহাই কয় যে, ‘নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ চকুপানীৰ মূল্য ভৰিব লাগিব চৰকাৰে। অসমৰ ৰাইজে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক উচিত শিক্ষা দিব।’

বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে লগতে কয় যে, ‘প্ৰয়োজন হলে পুনৰ জেললৈ যাবলৈ সাজু। কিন্তু অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত সদায় মাত মাতি যাম।’ সংবাদমেলত শৃংখল চলিহাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মেৰুদণ্ডহীন আখ্যা দিয়ে।

চলিহাই  আনকি বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ বাবে চৰকাৰ আৰু অইলক জগৰীয়া কৰে। বাঘজানৰ অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰ আৰু অইল কৰ্তৃপক্ষৰ ওচৰত দাবী জনালে শৃংখল চলিহাই।
First published: June 12, 2020, 8:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading