আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ধিঙৰ AIUDF বিধায়ক আমিনুল ইছলাম। আমিনুল ইছলামক এইবাৰ তীব্ৰ সমালোচনা কৰিছে শৃংখল চলিহাই। আনি উজনি অসমত প্ৰৱেশ নিষিদ্ধ কৰিছে আমিনুল ইছলামক।আহোম সকলক আসমৰ খিলঞ্জীয়া নহয় বুলি মন্তব্য কৰাৰ অভিযোগ AIUDF বিধায়কজনৰ বিৰুদ্ধে।
আমিনুলৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৃংখল চলিহাই কয় যে, ‘অসমীয়া জাতীয় জীৱনত আহোমৰ অৱদানৰ বিষয়ে নাজানে আমিনুল ইছলামে। আমিনুল ইছলামে উজনি অসমত প্ৰৱেশ কৰিব নোৱাৰিব।’ উজনি অসমত আমিনুল ইছলামে প্ৰৱেশ কৰিলেই ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে শৃংখল চলিহাই।
শৃংখল চলিহাই লগতে চৰকাৰক অতি শীঘ্ৰে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|