কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শংকৰদেৱক আদৰ্শ হিচাপে মনা লোকসকলৰ কাৰণে শংকৰদেৱ কলাক্ষেত্ৰ, মিঞাসকলৰ বাবে নহয়।
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শংকৰদেৱক আদৰ্শ হিচাপে মনা লোকসকলৰ কাৰণে শংকৰদেৱ কলাক্ষেত্ৰ, মিঞাসকলৰ বাবে নহয়।
শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয় – "কাণৰ কাণফুলি কাণতহে পিন্ধে ভৰিৰ কাৰণে নহয়, শংকৰদেৱ কলাক্ষেত্ৰ গুৰুজনাৰ বাবেহে, এইয়া কোনো মিঞাৰ মিউজিয়াম নহয়।"
পদাধিকাৰগৰাকীয়ে জানিবলৈ দিয়ে যে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ বিৰুদ্ধে অহা ৮ নৱেম্বৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘই।
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শংকৰদেৱক আদৰ্শ হিচাপে মনা লোকসকলৰ কাৰণে শংকৰদেৱ কলাক্ষেত্ৰ, মিঞাসকলৰ বাবে নহয়। মিঞাসকলে বিচাৰিছে যদি চৰ চাপৰি অঞ্চলত নিৰ্মাণ কৰা হ’ব। শংকৰদেৱ কলাক্ষেত্ৰত নহ’ব। তেওঁলোকৰ কি সংস্কৃতি আছে আমি নাজানো। তেওঁলোকৰ সংস্কৃতি বুলিবলৈ কি আছে, নে তেওঁলোকে শাসন কৰিছে। মিঞাসকল বাংলাদেশৰ পৰা আহিছে, তেন্তে কি যুক্তিত সংগ্ৰাহালয় হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|