
ভক্তিৰসৰ অমিয়া সুৰ গুঞ্জিত হৈছে নামঘৰসমূহত
ভক্তিৰসৰ অমিয়া সুৰ গুঞ্জিত হৈছে নামঘৰসমূহত
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰ সমূহত পুৱাৰে পৰা আৰম্ভ হৈছে গুৰুজনাৰ গুণানুকীৰ্তন। ভক্তিৰসৰ অমিয়া সুৰ গুঞ্জিত হৈছে নামঘৰসমূহত। পুৱাই গুৰুসেৱাৰ বাবে নামঘৰে নামঘৰে ভিৰ কৰিছেহি ভক্তপ্ৰাণ ৰাইজে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫১ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ গুৰুকীৰ্তনে মূখৰিত বটদ্ৰৱাৰ আকাশ বতাহ । ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি আড়ম্বৰপূৰ্ন ভাবে শনিবাৰে নিশাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বটদ্রৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি। নিশা এপৰলৈকে ভকত বৈষ্ণৱে কীৰ্তন ঘৰত পৰিবেশন কৰে ঘোষা কীৰ্তন। ইফালে সত্ৰৰ ভকত সকলে গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সমবেত হোৱা তীৰ্থ যাত্ৰী আৰু ভক্ত বৈষ্ণবসকলক আপ্যায়ন কৰাত ব্যস্ত হৈ পৰিছে । বটদ্ৰৱাৰ চৌদিশে এতিয়া বৈছে হৰি নামৰ অমৃতসৰ নিজৰা ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|