শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে সংঘাত! লুৰিণজ্যোতি গগৈৰ স্পষ্টীকৰণত অসন্তুষ্ট সংঘই কি ক’লে?

News18 Assam | News18-Assam
Updated:February 4, 2020, 11:02 AM IST
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে সংঘাত! লুৰিণজ্যোতি গগৈৰ স্পষ্টীকৰণত অসন্তুষ্ট সংঘই কি ক’লে?
শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ কৰা এটা মন্তব্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিতৰ্কত সাঙোৰ খাই পৰিছে লুৰিণজ্যোতি।

শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ কৰা এটা মন্তব্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিতৰ্কত সাঙোৰ খাই পৰিছে লুৰিণজ্যোতি।

  • Share this:
শ্ৰীমন্ত শংকৰদেৱক লৈ অনাকাংক্ষিত বিতৰ্কত সোমাই পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ কৰা এটা মন্তব্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিতৰ্কত সাঙোৰ খাই পৰিছে লুৰিণজ্যোতি। বোকাখাতত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ ৰণশিঙা কাৰ্যসূচীত কৰা এই মন্তব্যৰ পিছতেই ধিক্কাৰ আৰু গঞ্জনাৰ সন্মুখীন হৈছে আছুৰ সাধাৰণ সম্পাদকগৰাকী।

CAA বিৰোধী সমাৱেশত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কৈছিল – ‘ৰাইজৰ ঊৰ্ধ্বত কোনো নহয়, ৰাইজৰ ভৰিৰ তলত সদৌ অসম ছাত্ৰ সন্থা, সাহিত্য সভা, শ্ৰীমন্ত শংকৰদেৱ... শ্ৰীমন্ত শংকৰদেৱ সংঘ। আছু নেতাজনে প্ৰথমবাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ ক’বলৈ লওঁতে ‘সংঘ’ শব্দটো থাকি যোৱাত দ্বিতীয়বাৰত শুধৰাই দিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা কওঁতে এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ কথা কোৱা বুলি বহুতেই সমালোচনা কৰিছে লুৰিণজ্যোতিক।

এই ঘটনাক লৈ পুনৰ News18ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে। লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰি কয় – ‘শংকৰদেৱ সংঘৰ গোটেই বিষয়টো বিভ্ৰান্ত কৰা হৈছে। সকলোধৰণৰ বক্তব্য নাৰাখি, কাটি এক বেলেগ ধৰণে উপস্থাপন কৰিছে। কাৰণ সন্মুখত যেতিয়া সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা থাকিব, নিশ্চয় শ্ৰীমন্ত শংকৰদেৱৰ কথা কেতিয়াও কোৱা নহয় তাত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথাই কোৱা হৈছে। এই কথাটো বিভ্ৰান্ত কৰিবলৈ উঠিপৰি লাগিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আমাৰ সদায় শ্ৰদ্ধা আছে। সদৌ অসম বহু কৰ্মকৰ্তা ইয়াৰ অংশীদাৰ হৈ আছে, ভক্ত–বান্ধৱ হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ, সাহিত্য সভাৰ অৱদান অসমীয়া সমাজ জীৱনত আছে। কিন্তু সংকট কালত যিসকলে বিশ্বাসঘাতকতা কৰিছে, প্ৰতাৰণা কৰিছে তেওঁলোকক মঞ্চত স্থান দিলে সময়ে, জাতিয়ে কেতিয়াও ক্ষমা নকৰিব।’


কিন্তু লুৰিণজ্যোতিৰ স্পষ্টীকৰণত সন্তুষ্ট নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই ঘটনাক লৈ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই কয় – ‘শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মঞ্চখন ৰাজনৈতিক মঞ্চ নাছিল। এই মঞ্চলৈ জাতি–বৰ্ণ–ধৰ্ম নিৰ্বিশেষে সকলো মানুহক আমন্ত্ৰণ জনাইছিলো। দল–সংগঠন সকলোকে আমন্ত্ৰণ জনাইছো। কোনো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে এই অধিৱেশনখন পতা নাই। এইখন কোনো ৰাজনৈতিক দলৰ অধিৱেশন নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ ৰাজনৈতিক দলৰ ব্যক্তি মতাৰ কাৰণে তেওঁলোকে যিখিনি কতা কৈছে, সেইকিখিনি কথাকে আলাপ–আলোচনা কৰি বেলেগ ভাষাৰে কোৱা হ’লে আমি হয়তো বেয়া নাপালোহেঁতেন।

কি ক’লে বাবুল বৰাই :
আৰু চাওক
পৰৱৰ্তী বাতৰি