দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনৰ ৷ গুৰুজনাই নৈশ যাপন কৰা সকলো ঠাইতে প্ৰতিষ্ঠা হ'ব একোটা নামঘৰ: মুখ্যমন্ত্ৰী।
দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনৰ ৷ গুৰুজনাই নৈশ যাপন কৰা সকলো ঠাইতে প্ৰতিষ্ঠা হ'ব একোটা নামঘৰ: মুখ্যমন্ত্ৰী।
দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ ধৰ্মীয় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনৰ ৷ সামৰণিৰ দিনটোত পুৱাই দবা-কাঁহ-মৃদংগ-খোল-শংখধ্বনীৰে পৰিৱেষ্টিত পৰিৱেশত ধৰ্মধ্বজা উত্তোলন কৰিলে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷
ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘই উলিয়ালে ভাগৱত ভ্ৰমণৰ লগতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ আগে আগে কণমানি হাতী পোৱালীটোক লৈ দুই হাতী আগবাঢ়িল শোভাযাত্ৰাত ৷ পিছে পিছে গড়ুৰ পক্ষীৰ প্ৰতীকী ৰূপত দুখনকৈ ভাগৱত ভ্ৰমণৰ বাহন ৷ এই শোভাযাত্ৰাৰ মাজতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ সম্পাদক বাবুল বৰা আৰু স্থানীয় বিধায়ক তৰংগ গগৈৰ কৃতজ্ঞতা সকলোকে ৷ বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানত উপস্থিত হৈ কেতবোৰ ঘোষণাৰ লগতে আলোকপাত কৰিলে শংকৰ গুৰুজনাৰ ওপৰত ৷ "এই দ্বিতীয় বৈকুণ্ঠলৈ আহিবলৈ পোৱাতো মোৰ বাবে সৌভাগ্য ৷মই নিজেই গৌৰৱ অনুভৱ কৰিছোঁ আজি ৷অসমীয়া জাতিৰ পিতৃস্বৰূপ শংকৰদেৱ শ্ৰেষ্ঠতম অসমীয়া ৷ শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ অসম ভ্ৰমণ কৰি কোচবিহাৰত থিতাপি লৈছিল ৷ জীৱনকালত যিবোৰ স্থানলৈ গুৰুজনা গৈছিল,তেনে কিছু স্থানত হয়তো নামঘৰো নাই,আমাৰ চৰকাৰে গুৰুজনাই যিবোৰ স্থানত নিশা কটাইছিল সেই স্থানত বৃহৎ নামঘৰ সাজিম ৷ সেই স্থানবোৰলৈ যাবলৈ ASTCবাছৰ ব্যৱস্থা কৰিম ৷ সেই স্থান সমূহত আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰচেষ্টা কৰিম ৷"—মুখ্যমন্ত্ৰী
অকল ইমানেই নহয় মুখ্যমন্ত্ৰী শৰ্মাই লগতে কৰিলে দুটা বৃহৎ ঘোষণা, " শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ প্ৰতি বছৰে ছয় কোটিকৈ গ্ৰাণ্ট দিম আমি ৷ বিশ্ববিদ্যালয়খনে অসমৰ সকলো বিশ্ববিদ্যালয়ক চেৰ পেলাব লাগিব ৷ কাৰণ ইয়াত ভকতৰ প্ৰাণ আছে, বৰঙণি আছে ৷ অভ্যৰ্থনা সমিতিক এককালীন ১কোটি টকাৰ অনুদান দিম৷ নাহৰকটীয়াত এটা বৃহৎ নামঘৰ নিৰ্মাণৰ বাবে এই অনুদান ৷"— ইফালে শেষৰ দিনটোত শিশু বক্তা বিশ্বজিৎ নেওগৰ ভাষণত আকৃষ্ট হৈ কোচত বহুৱাই স্নেহাশীষ যাচিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|