মুখ্যপৃষ্ঠা »খবৰ »অসম »ক'ত হেৰাল গুৰুজনাই ৰচনা কৰা ২০৬টাকৈ বৰগীত, ২৪০টা বৰগীতৰ ভিতৰত মাত্ৰ ৩৪টাহে প্ৰচলিত

ক'ত হেৰাল গুৰুজনাই ৰচনা কৰা ২০৬টাকৈ বৰগীত, ২৪০টা বৰগীতৰ ভিতৰত মাত্ৰ ৩৪টাহে প্ৰচলিত

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭২তম জন্মজয়ন্তী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭২তম জন্মজয়ন্তী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭২তম জন্মজয়ন্তী

  • Share this:
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭২তম জন্মজয়ন্তী। সমগ্ৰ জীৱন অসমীয়া জাতিৰ বিকাশৰ বাবে উছৰ্গা কৰা গুৰুজনাই অসমীয়া জাতিক ধৰ্মীয় কু-সংস্কাৰৰ পৰা মুক্ত কৰাৰ লগতে গীত-মাত, অভিনয় আৰু সাহিত্য-সংস্কৃতিৰ দিশটো চহকী কৰি থৈ গৈছিল। গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰ ভিতৰত গুৰজনাই লিখি থৈ যোৱা বৰগীতসমূহে সকলোকে সন্মোহিত কৰি আহিছে। কিন্তু গুৰুজনাই লিখা ২৪০টা বৰগীত মাত্ৰ ৩৪টাহে আমাৰ সমাজত প্ৰচলিত। তাহানিতে আমাৰ মাজৰ পৰা হেৰাই গ'ল গুৰুজনাই সৃষ্টি কৰা ২০৬টা বৰগীত।

ক'ত হেৰাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ২০৬টাকৈ অমূল্য বৰগীত?

অসমীয়া জাতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পত্নী সূৰ্য্যৱতীৰ বিয়োগৰ পিছতে সংসাৰৰ মোহ মায়া ত্যাগ কৰি তীৰ্থ ভ্ৰমণলৈ গৈছিল। মহাপুৰুষ জনাই কাশী, বৃন্দাবন, গয়া, মথুৰা আদি পবিত্ৰ তীৰ্থস্থান সমূহ ভ্ৰমণ কৰাৰ পিছতে বদৰিকাশ্ৰমত উপস্থিত হৈছিল। বদৰিকাশ্ৰমত থকাৰ সময়তে ৩২বছৰ বয়সত মহাপুৰুষ জনাই জীৱনৰ প্ৰথমটি বৰগীত "মন মেৰি ৰাম চৰণেহি লাঘূ" শীৰ্ষক গীতটি ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। অৱশ্যে কথা গুৰু চৰিতৰ মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটি হৈছে "ৰাম মেৰি হৃদয় পংকজ"। ইয়াৰ পিছতে গুৰুজনাই ২৪০টা বৰগীত ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। কিন্তু তেওঁৰে এগৰাকী ভকত কমলা বায়নে বৰগীত সমূহ আওঁৰাবলৈ নিয়াৰ সময়ত দুৰ্ঘটনাবশতঃ অধিকাংশ বৰগীত বনজুইত জাহ যায়। ফলত এই ২৪০টা বৰগীতৰ মাত্ৰ ৩৪টা বৰ্তমান প্ৰচলিত হৈ আছে।

কোৰোণাৰ নীতি-নিয়মৰ মাজেৰে এইবাৰ সমগ্ৰ ৰাজ্যতে মহাপুৰুষ জনাৰ ৫৭২ সংখ্যক জন্মজয়ন্তী অনুষ্টুপীয়াকৈ উদযাপিত হ'ব। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো এইবাৰ পূৰ্বৰ দৰে শোভাযাত্ৰা আৰু অংকীয়া নাট নহয়। পুৱা ৭ বজাৰ পৰা মূল কীৰ্তনঘৰত অনুস্থিত হৈছে দিহানাম। কীৰ্তনঘৰৰ লগতে দুয়োকাষে থকা পদশিলাটো নাম-প্ৰসঙ্গ কৰিয়ে গুৰুজনাৰ জন্মোৎসৱ উদযাপন কৰিব ভকত-বৈষ্ণৱে। একেদৰে ৰাজ্যৰ আন আন প্ৰান্তটো কোৰোণাৰ বাবেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সেই উছাহ পৰিলক্ষিত নহ’ব।

শেহতীয়া বাতৰি