শেষৰ দিনাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু¸ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগেপাল মহন্ত¸ ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন¸ সমগ্ৰ শিক্ষা অভিযান¸ অসমৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশ¸ এন চি ই আৰ টিয়ে আয়োজন কৰা বিজ্ঞান প্ৰদৰ্শনীৰ সমন্বয়ক এ.কে. ৱজলৱাৰ আৰু এছ চি আৰ টিৰ সঞ্চালক নিৰদা দেৱীয়ে অংশগ্ৰহণ কৰা এই সামৰণি সভা ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’ ৰে আৰম্ভ কৰা হয়। সভাৰ আৰম্ভমণিতে আদৰণি ভাষণ আগবঢ়ায় এছ চি আৰ টিৰ সঞ্চালক ড: নিৰদা দেৱীয়ে। তেখেতে তেখেতৰ আদৰণি ভাষণত এই বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰদৰ্শনী চাবলৈ অহা সকলৰ লগতে সভাত উপস্থিত থকা আটাইকেইজন অতিথিকে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে ভিজুৱেল মাধ্যমৰ সহযোগত বিগত পাঁচোটা দিনত সম্পন্ন হৈ যোৱা আটাইবোৰ কাৰ্যসূচীৰ বিষয়ে থূলমূলকৈ বৰ্ণনা কৰাৰ পিছত সুনীতা ফাৰুকীয়াই ১৯৭১ চনত পোনপ্ৰথমে এন চি আৰ টি আৰু ই জি চিৰ সহযোগত আৰম্ভ কৰা এই বিজ্ঞান প্ৰদৰ্শনীয়ে আজিৰ এই পৰ্যায় পোৱালৈকে আটাইবোৰ কথা থূলমূলকৈ বৰ্ণনা কৰে। প্ৰতিবছৰে ভাৰতৰ এখন এখনকৈ ৰাজ্যত এই বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হৈ অহাৰ বিষয়ে উপস্থিত সকলোকে অৱগত কৰে।
পৰৱৰ্তী সময়ত এন চি ই আৰ টিৰ হৈ ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২ ত সমন্বয়ক হিচাপে অংশগ্ৰহণ কৰা এ.কে. ৱজালৱাৰে তেখেতৰ বহুমূলীয়া ভাষণত এই শিশু বিজ্ঞান প্ৰদৰ্শনীয়ে অনাগত দিনক শিশুসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে।
ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা কেইবাগৰাকীও শিক্ষক¸ ছাত্ৰ-ছাত্ৰীয়ে এই বিজ্ঞান প্ৰদৰ্শনীত উপস্থিত থাকি কেনে অনুভৱ কৰিলে সেই বিষয়ে অতি সাৱলীলভাৱে বৰ্ণনা কৰে। অসমৰ এই স্মৃতি চিৰদিন মনত থাকিব বুলিও জম্মু-কাশ্মীৰৰ এগৰাকী ছাত্ৰীয়ে তেওঁৰ মত প্ৰকাশৰ সময়ত উল্লেখ কৰে।
অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তদেৱে তেওঁৰ ভাষণ প্ৰসংগত অসমৰ বিজ্ঞান মনস্কতাৰ বিষয়ে উল্লেখ কৰি ৰেলৰ ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰক বৰেপটাৰ গুৰুপ্ৰসাদ দাসৰ উদ্ধৃতি প্ৰদান কৰে।
ইয়াৰ পিছত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ ভাষণত চৰাইক প্ৰকৃতিৰ এক অনন্য অৱদান বুলি উল্লেখ কৰে। তেখেতে পৰিভ্ৰমী চৰাইৰ বিষয়ে কিছু সাৰগৰ্ভ কথা নিজ ভাষণ প্ৰসংগত উল্লেখ কৰে।
সভাৰ শেষত বাণীকান্ত বি এড কলেজৰ অধ্যক্ষা মহোদয়াই শলাগৰ শৰাই আগবঢ়ায়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|