
ড৹ দত্ত বিদেশত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্ত হোৱা দ্বিতীয়জন অসমীয়া।
ড৹ দত্ত বিদেশত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্ত হোৱা দ্বিতীয়জন অসমীয়া।
অসমবাসীৰ বাবে এটা সুখবৰ। কাৰণ বিদেশত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত পুনৰ নিযুক্তি লাভ কৰিলে এগৰাকী অসম সন্তানে। জানিব পৰা মতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অংকুৰণ দত্তক শ্রীলংকাস্থিত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰনালয়ৰ অধীনত অধ্যাপকগৰাকীক এই দায়িত্ব দিয়া হৈছে। উল্লেখ্য যে, ড৹ অংকুৰণ দত্ত হ'ল বিদেশত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি লাভ কৰা দ্বিতীয়জন অসমীয়া। ইয়াৰ পূৰ্বে বিশিষ্ট লিখক অৰূপ কুমাৰ দত্তই ভাৰতীয় সাংস্কৃতিক পৰিষদৰ অধীনত ইণ্ডোনেচিয়াত কেন্দ্ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৰূপ কুমাৰ দত্তই ২০০৪ চনৰ পৰা ২০০৮ চনলৈ ইণ্ডোনেচিয়াত এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
মন কৰিবলগীয়া যে, ড৹ অংকুৰণ দত্তই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন সময়ত ভাৰতক প্ৰতিনিধিত্ব কৰি কেইবাবাৰো সুনাম কঢ়িয়াই আনিছে। ড৹ দত্ত হ'ল বৈদ্যুতিন মাধ্যম হিচাপে কমিউনিটী ৰেডিঅ’ ব্যৱহাৰ কৰি বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত কাম কৰা প্ৰথম অসমীয়া বিজ্ঞান সংযোগকাৰী। বিগত এটা দশকতকৈও অধিক কাল ধৰি তেখেতে সামূহিক অনাতাঁৰৰ জৰিয়তে দক্ষিণ এছিয়াৰ কেইবাখনো দেশত বিজ্ঞান, প্ৰযুক্তি, দুৰ্যোগ আৰু স্বাস্থ্য সংযোগৰ ক্ষেত্ৰতো অনবদ্য অৱদান আগবঢ়াই আহিছে। এই অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ২০১৮ বৰ্ষৰ বিজ্ঞান সংযোগৰ ৰাষ্ট্ৰীয় সন্মানৰ বাবে মনোনীত কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ড৹ অংকুৰণ দত্তক শ্রীলংকাস্থিত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত নিযুক্তি দিয়াৰ ফলত সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়তে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|