মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দীৰ্ঘদিনৰ মূৰত খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে হিমা দাসে

দীৰ্ঘদিনৰ মূৰত খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে হিমা দাসে

News18 Assam | News18-Assam
Updated:July 17, 2020, 5:03 PM IST
দীৰ্ঘদিনৰ মূৰত খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে হিমা দাসে
কোৰোণাৰ বাবে অনিশ্চয়তাত আছে টকিঅ’ অলিম্পিক গেমছ। তথাপিও উন্নত টাইমিঙেৰে অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ বাবে আপ্ৰাণ চেষ্টাত আছে হিমা দাসে।

কোৰোণাৰ বাবে অনিশ্চয়তাত আছে টকিঅ’ অলিম্পিক গেমছ। তথাপিও উন্নত টাইমিঙেৰে অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ বাবে আপ্ৰাণ চেষ্টাত আছে হিমা দাসে।

  • Share this:
দীৰ্ঘদিনৰ মূৰত খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে তাৰকা খেলুৱৈ হিমা দাসে। কোৰোণা ভাইৰাছৰ লকডাউনৰ সময়ত পঞ্জাৱৰ পাটিয়ালাৰ প্ৰশিক্ষণ কেন্দ্ৰত ব্যায়াম কৰি নিজকে ফিট কৰি ৰখা স্বৰ্ণ কন্যা হিমা দাসে সম্প্ৰতি পাটিয়ালাতে আৰম্ভ কৰিছে অনুশীলন। হিমাই অৱশ্যে পাটিয়ালাতে পুৱা দৌৰৰ অনুশীলন কৰাৰ লগতে গধুলি চাইকেল ভেলোড্ৰামত চাইক্লিং কৰি খেলৰ অনুশীলন চলাই গৈছে। কোৰোণাৰ বাবে অনিশ্চয়তাত আছে টকিঅ’ অলিম্পিক গেমছ। তথাপিও উন্নত টাইমিঙেৰে অলিম্পিক গেমছলৈ যোগ্যতা অৰ্জনৰ বাবে আপ্ৰাণ চেষ্টাত আছে হিমা দাসে। সৰ্বভাৰতীয় এথলেটিকছ সন্থা আৰু অসম এথলেটিকছ সন্থায়ো হিমা দাসক লৈ আশাবাদী। কোৰোণা ভাইৰাছৰ লকডাউনৰ সময়ত হিমাৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে কেইবাবাৰো বাৰ্তালাপ কৰে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে।
Published by: Sanjay Kumar Das
First published: July 17, 2020, 5:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি