উৰা বাতৰি বিয়পোৱা সকল সাৱধান! অসম আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

News18 Assam | News18-Assam
Updated:April 3, 2020, 6:55 PM IST
উৰা বাতৰি বিয়পোৱা সকল সাৱধান! অসম আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
Photo : NDTV Khabar

COVID -19ক লৈ উৰা বাতৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰিছে অসম আৰক্ষীয়ে

  • Share this:
COVID -19ক লৈ উৰা বাতৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰিছে অসম আৰক্ষীয়ে ৷ ক'ৰোণা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ সময়ত বিভিন্নজনে ছ'চিয়েল মিডিয়াত বিভিন্ন উৰা বাতৰি প্ৰচাৰ কৰি আছে ৷ উৰা বাতৰি সমূূূূহে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা দেখা গৈছে ৷ লগতে কেতবোৰ উৰা বাতৰিয়ে সাম্প্ৰদায়িক সম্প্ৰীতি বিপন্ন কৰাৰ আশংকা কৰিছে আৰক্ষীয়ে ৷

এনে প্ৰেক্ষাপটত অসম আৰক্ষীয়ে বৰ্তমানলৈ এই সন্দৰ্ভত সাতটা গোচৰ পঞ্জীয়ন কৰিছে আৰু ৪ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

লগতে ৰাইজলৈ অসম আৰক্ষীৰ অনুৰোধ, “আমি  নাগৰিকসকলক অনুৰোধ জনাইছো তেওঁলোকে যাতে যিকোনো অসত্য তথ্য ফৰৱাৰ্ড অথবা প্ৰম'ট কৰাৰ পৰা বিৰত থাকে ।”
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading