"মুখ্যমন্ত্ৰী মহাশয়, যিদৰে প্ৰতি মাহৰ ১০ তাৰিখে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চনৰ ধন আদায় দিয়াৰ ব্যৱস্থা কৰিছে একেদৰে আমাকো দিয়াৰ ব্যৱস্থা কৰক।" - মুখ্যমন্ত্ৰীক এই কাতৰ অনুৰোধ নগাঁৱৰ বৰ্ষীয়ান ক্ৰীড়াবিদ তথা ক্ৰীড়া পেঞ্চনাৰ ৰাজেন বৰকটকীৰ।
একালৰ সুদক্ষ ফুটবল আৰু বাস্কেটবল খেলুৱৈগৰাকীয়ে অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত অতি আক্ষেপেৰে কয়, "পূৰ্বে আমি ক্ৰীড়া পেঞ্চনৰ ধন নিয়মীয়াকৈ পাইছিলো। কিন্তু যোৱা বছৰৰ পৰা এই ধন ৩মাহৰ মূৰে মূৰে দিয়া হ'ল। পিছে যোৱা মাৰ্চ মাহৰ পৰা পেঞ্চনৰ নামত আমি এটকাও পোৱা নাই।" এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই ব্যৱস্থা লোৱাৰ বাবে অনুৰোধ জনাই ৮৯বছৰীয়া ক্ৰীড়বিদগৰাকীয়ে।
আনহাতে ক্ৰীড়াবিদ সকলৰ বিয়োগৰ পিছত পৰিয়ালৰ লোকে পেঞ্চন নোপোৱাৰ বিষয়টোৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীক সু-ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাই বৰ্ষীয়ান ক্ৰীড়াবিদ গৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|