• Home
  • »
  • News
  • »
  • assam
  • »
  • মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অসম আৰু কামৰূপ (মঃ) জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল ৰেলী সম্পন্ন

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অসম আৰু কামৰূপ (মঃ) জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল ৰেলী সম্পন্ন

খানাপাৰাৰ পৰা লাচিতগড়লৈ আয়োজন কৰা হয় এই চাইকেল ৰেলী

খানাপাৰাৰ পৰা লাচিতগড়লৈ আয়োজন কৰা হয় এই চাইকেল ৰেলী

খানাপাৰাৰ পৰা লাচিতগড়লৈ আয়োজন কৰা হয় এই চাইকেল ৰেলী

  • Share this:
অসম তথা অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী সমাগত। মহান সেনানায়কৰ ৪০০ বছৰীয়া জন্মজয়ন্তী অসম চৰকাৰৰ উদ্যোগত নতুন দিল্লীৰ লগতে সমগ্ৰ ৰাজ্যতেই উলহ মালহেৰে উদযাপন কৰাৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। মহাবীৰজনাৰ জন্ম জয়ন্তীৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতত লোৱা হৈছে বিভিন্ন কাৰ্যসূচী। আজি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক চাইকেল ৰেলীৰ আয়োজন কৰে। পুৱা ৬ বাজি ৩০ মিনিটত খানাপাৰাৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলী লাচিতগড়ত সামৰণি পৰে।

উল্লেখ্য যে, এই ৰেলীত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, অসম তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়-ববীয়াসকলৰ লগতে গুৱাহাটী মহানগৰীৰ যথেষ্টসংখ্যক চাইকেল আৰোহীৰ অংশগ্রহণ কৰে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি