গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন বিমান। বেংগালুৰুৰ পৰা গুৱাহাটীলৈ অহা এখন বিমান অৱতৰণৰ সময়তে এই ঘটনা সংঘটিত হয়। স্পাইচ জেটৰ বিমানখন অৱতৰণৰ সময়ত ৰানৱে’ৰ পৰা বহুদূৰ আগলৈ গুচি যায়। অৱশ্যে এই ঘটনাত কোনো যাত্ৰী হতাহত হোৱা নাই। এই ঘটনা শুকুৰবাৰৰ। কি কাৰণত এই ঘটনা সংঘটিত হ’ল তাৰ তদন্ত ঘোষণা কৰিছে ডিজিচিএই। দোষী সাব্যস্ত হ’লে শাস্তিৰ সন্মুখীন হ’ব পাৰে বিমানখনৰ পাইলট।