
Photo : TelegraphIndia
১৯ এপ্ৰিলৰ পৰা পুনৰ Containment zone হিচাপে ঘোষণা কৰে স্পেনিছ গাৰ্ডেনক।
স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মনীষ টিব্ৰেৱালৰ শৰীৰত কোৰোণা পজিটিভ পোৱাৰ পিছতে প্ৰশাসনে কোৱাৰেণ্টাইন কৰছিল জু ৰোডস্থিত বিলাসী এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেন৷ ১৪ দিনৰ বাবে এপাৰ্টমেণ্টটোত সকলো লোকৰে ওলোৱা–সোমোৱা নিষিদ্ধ কৰিছিল কামৰূপ জিলা প্ৰশাসনে৷
১৯ এপ্ৰিলৰ পৰা পুনৰ Containment zone হিচাপে ঘোষণা কৰে৷ এই ১৪ দিনত আগৰ বাৰৰ দৰে প্ৰশাসনে বান্ধি দিয়া সকলো নীতি নিয়ম সকলোৱে মানি চলিব লাগিব ৷ অন্যথা Covid–19 Regulation 2020, The Disaster Management Act 2005 আৰু Epidemic Disease Act 1897 অধীনত আইনগত ব্যৱস্থা লোৱা হ’ব৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি এক নিৰ্দেশনাযোগে স্পেনিছ গাৰ্ডেনক পুনৰ containment zone হিচাপে ঘোষণা কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|