অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত বানানৰ শ্ৰাদ্ধ, মুখ্যমন্ত্ৰীৰ নাম লিখিলে ‘সৰ্বাননন্দ সোনোৱাল’

News18 Assam | News18-Assam
Updated:February 4, 2020, 11:29 AM IST
অসম সাহিত্য সভাৰ স্মৃতিগ্ৰন্থত বানানৰ শ্ৰাদ্ধ, মুখ্যমন্ত্ৰীৰ নাম লিখিলে ‘সৰ্বাননন্দ সোনোৱাল’
সাহিত্য সভাৰ দৰে এক অনুষ্ঠানৰ স্মৃতিগ্ৰন্থত এনেধৰণৰ বাৰেপাচি ভুল হোৱাটো অত্যন্ত দুখজনক বুলি মন্তব্য কৰিছে বিদায়ী উপ–সভাপতি হেমন্ত বৰুৱাই।

সাহিত্য সভাৰ দৰে এক অনুষ্ঠানৰ স্মৃতিগ্ৰন্থত এনেধৰণৰ বাৰেপাচি ভুল হোৱাটো অত্যন্ত দুখজনক বুলি মন্তব্য কৰিছে বিদায়ী উপ–সভাপতি হেমন্ত বৰুৱাই।

  • Share this:
অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ স্মৃতিগ্ৰন্থ ‘শুৱালকুছি জ্যোতি’ত বানানৰ শ্ৰাদ্ধ। স্মৃতিগ্ৰন্থখনিত দেখা গৈছে বাৰেপাচি ভুল। ভুলকৈ প্ৰকাশ হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো। আদৰণি সমিতিৰ মুখ্য পৃষ্ঠপোষক আৰু মুখ্য উপদেষ্টা মণ্ডলীৰ পৃষ্ঠাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামটো ছপা হ’ল ‘সৰ্বাননন্দ সোনোৱাল’ বুলি।

তদুপৰি সুমন হৰিপ্ৰিয়াৰ নাম ‘চুমন হৰিপ্ৰিয়া’, সত্যব্ৰত কলিতাৰ নামৰ সৈতে ‘বিধায়িক’, পৰমানন্দ ৰাজবংশীৰ নাম ‘পমাননন্দ ৰাজবংশী’ আদি বিভিন্ন ধৰণৰ ভুল দেখা গৈছে স্মৃতিগ্ৰন্থখনত। ভিতৰভাগতো আছে বিভিন্ন ধৰণৰ ভুল বানান। এই দায়িত্বহীন কাণ্ডক সমালোচনা কৰিছে বিভিন্ন লোকে।



সাহিত্য সভাৰ দৰে এক অনুষ্ঠানৰ স্মৃতিগ্ৰন্থত এনেধৰণৰ বাৰেপাচি ভুল হোৱাটো অত্যন্ত দুখজনক বুলি মন্তব্য কৰিছে বিদায়ী উপ–সভাপতি হেমন্ত বৰুৱাই। বৰুৱাই কয় – ‘বানান ভুল হোৱাতো দুঃখজনক। এখন উপ–সমিতি গঠন কৰি দিয়া হৈছিল, উপ–সমিতিখনে এইবোৰ চাব লাগিছিল। সুন্দৰ কলেবৰৰ স্মৃতিগ্ৰন্থখনে বানানৰ বাবে মৰ্যাদা হেৰুৱালে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি