• Home
  • »
  • News
  • »
  • assam
  • »
  • Accident : উদণ্ড বাইকাৰৰ খুন্দাত নাজিৰাত প্ৰাণ গ'ল এজন শিক্ষকৰ, চিকিৎসালয়ৰ পৰা পলায়ন দুৰ্ঘটনা সংঘটিত কৰা দুই যুৱকৰ 

Accident : উদণ্ড বাইকাৰৰ খুন্দাত নাজিৰাত প্ৰাণ গ'ল এজন শিক্ষকৰ, চিকিৎসালয়ৰ পৰা পলায়ন দুৰ্ঘটনা সংঘটিত কৰা দুই যুৱকৰ 

পলায়ন কৰা উদণ্ড বাইকাৰ

পলায়ন কৰা উদণ্ড বাইকাৰ

মটৰচাইকেলৰ খুন্দাত আঘাতপ্ৰাপ্ত শিক্ষকজনক উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ প্ৰগতি হস্পিতাললৈ নিয়া অৱস্থাত শিক্ষকজনৰ  মৃত্যু হয়।

  • Share this:
শিৱসাগৰ জিলাৰ নাজিৰা (Nazira)ত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজন শিক্ষকৰ । শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনাটো৷ এখন দ্ৰুতবেগী মটৰচাইকেলৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক আকোঁৱালি ললে শিক্ষক জনে৷ নিহত শিক্ষক জনৰ নাম ভবেন হাজৰিকা বুলি জানিব পৰা গৈছে৷ নামতি মাজগাঁও বনুৱা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল  মৃত শিক্ষকজন৷ ঘৰ নাজিৰা সুন্দৰ পুখুৰীত ।

AS-04-A-B0450 নম্বৰৰ PULSAR বাইকেৰে দ্ৰুত বেগত আহি দুজন যুৱকে নাজিৰা নগৰৰ কলেজ তিনিআলিৰ কাষত খোজকাঢ়ি যোৱা অৱস্থাতে মহতিয়াই লৈ যায় ভবেন হাজৰিকা নামৰ শিক্ষকজনক । মটৰচাইকেলৰ খুন্দাত আঘাতপ্ৰাপ্ত শিক্ষকজনক প্ৰথমে  প্ৰাথমিক চিকিৎসাৰ বাবে নাজিৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ প্ৰগতি হস্পিতাললৈ নিয়া অৱস্থাত শিক্ষকজনৰ  মৃত্যু হয়।

ইফালে শিৱসাগৰ প্ৰগতি হস্পিতাললৈ শিক্ষকজনক লৈ যোৱা সময়তে চিকিৎসালয়ৰ পৰা দুই যুৱকে পলায়ন কৰে। যুৱক দুজনক বিচাৰি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনা সংঘটিত কৰা দুই যুৱক ঘৰ নাজিৰাৰ বিহুবৰত বুলি জানিব পৰা গৈছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি