• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: বিজেপিয়ে চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা? জল্পনা-কল্পনা ৰাজ্যিক বিজেপিত

Assam-Assembly: বিজেপিয়ে চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা? জল্পনা-কল্পনা ৰাজ্যিক বিজেপিত

বিজেপিয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই পদৰ বাবে প্ৰাৰ্থী হিচাপে ঘোষণা কৰা নাই।

বিজেপিয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই পদৰ বাবে প্ৰাৰ্থী হিচাপে ঘোষণা কৰা নাই।

বিজেপিয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই পদৰ বাবে প্ৰাৰ্থী হিচাপে ঘোষণা কৰা নাই।

  • Share this:
সমাগত অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰা ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে গৰিষ্ঠসংখ্যক আসন জয়ৰ লক্ষৰে বিভিন্ন ৰণকৌশল নিৰ্ণয় কৰাত। ৰাজ্যিক নেতা হিমন্ত বিশ্ব শৰ্মাক বিধানসভা নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত বিজেপিৰ অসম গোটত ইয়াৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা আকৌ এবাৰ জোৰদাৰ হৈছে।

বিজেপিয়ে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইবাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰূপে আনুষ্ঠানিকভাৱে প্ৰক্ষেপ কৰা নাই। ইয়াৰ আঁৰত অৱশ্যে ৰাজ্যিক বিজেপি নেতৃত্বই কাৰণ বাখ্যা কৰিছে। কিন্তু এবছৰ আগতে ৰাজ্যিক নেতৃত্বক ডঃ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ বিষয়ে ইচ্ছা প্ৰকাশ কৰাৰ কথা সংবাদমাধ্যমক অৱগত কৰিছিল। এইটো বিশ্বাস কৰা হৈছিল যে অসমৰ ৰাজনীতিৰ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। কিন্তু শেহতীয়া ঘটনাৰাজীয়ে যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছে।

বিজেপি কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা ডঃ শৰ্মাৰ প্ৰাৰ্থিত্বক অনুমোদন জনাইছে। যদি দলটোৱে ৰাজ্যত দ্বিতীয় বাৰৰ বাবে শাসন লাভ কৰে তেন্তে শৰ্মাক মুখ্যমন্ত্ৰী পদ দিয়া হ’ব নে নাই এই বিষয়ে এতিয়া এটা বিতৰ্কৰ সৃষ্টি হৈছে। তাৎপৰ্যপূৰ্ণ যে, ৰাজনৈতিক বিসম্বাদৰ পিছত প্ৰাক্তন কংগ্ৰেছ নেতা শৰ্মাই ২০১৫ চনত বিজেপিত যোগদান কৰিছিল।

ইয়াৰ পিছতে ২০১৬ চনত ৰাজ্যখনত বিজেপি চৰকাৰ গঠনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ দলটোৰ অন্যতম বিশিষ্ট মুখ হৈ পৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নৰ্থ-ইষ্ট ডেমেক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ আহ্বায়ক আৰু মূলতঃ তেওঁৰ পৰিশ্ৰম আৰু কৌশলী গুণৰ কাৰণেই তেওঁক উত্তৰ পূৱত বিজেপিৰ ৰথ অগ্ৰগামী হোৱাৰ কৃতিত্ব দিয়া হয়।

অৱশ্যে এইসকলোবোৰ চৰ্চাৰ মাজতে স্থিতি স্পষ্ট কৰিবলৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কৈছিল যে যিহেতু ইতিমধ্যে এখন চৰকাৰ আছে, সেয়েহে মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰাৰ প্ৰয়োজন নাই। "যেতিয়া কোনো চৰকাৰ নাথাকে তেতিয়া এটা দলে এই পদৰ বাবে নাম ঘোষণা কৰিব পাৰে। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতে ২০১৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ঘোষণা কৰা হৈছিল কিন্তু ২০১৯ চনত ঘোষণা কৰা হোৱা নাছিল কাৰণ সকলোৱে জানে যে তেওঁ দলৰ মুখ।" দাসে এনেদৰে মন্তব্য কৰে।

ইয়াৰ লগতে সভাপতিজনে উল্লেখ কৰিছিল যে কেৱল সংবাদমাধ্যমেহে এই বিষয়টোক লৈ হৈ–চৈ কৰি আছে, দলৰ কাৰ্যকৰ্তাসকলে তেওঁক এই সন্দৰ্ভত এবাৰো প্ৰশ্ন কৰা নাই। মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চৰ্চা কৰাতকৈ ফলাফলত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়।

অৱশ্যে সংবাদ সংস্থা IANSৰ প্ৰতিনিধিৰ আগত নাম প্ৰকাশ নকৰা বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ মতে ডঃ শৰ্মাই এইবাৰ মুখ্যমন্ত্ৰী পদৰ কাৰণে চকু দিছে আৰু কেৱল মন্ত্ৰীত্ব লৈ এইবাৰ তেওঁ সন্তুষ্ট নহয়।

“মুখ্যমন্ত্ৰী পদৰ কাৰণে নাম ঘোষণা কৰাতকৈ এই বিষয়ত আলোচনা হ’ব লাগে আৰু বিধানসভা নিৰ্বাচনৰ পিছত সেয়া ঘোষণা কৰিব লাগে।” বিজেপি নেতাজনে লগতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

শেহতীয়া প্ৰাৰ্থীতালিকা প্ৰকাশ পোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ অনুগত প্ৰাৰ্থীয়ে পুৰণি বিজেপি তথা সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ প্ৰাৰ্থীক চেৰাই টিকট লাভ কৰাক লৈও চৰ্চা চলিছিল। কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থীসকলক অধিক গুৰুত্ব দিয়াৰ বাতৰিও সম্প্ৰচাৰ হৈছিল। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চাসমূহ অধিক জোৰদাৰ হৈছে।

(IANS ৰ প্ৰতিবেদনৰ সহযোগত)
Published by:Himangshu Bhuyan
First published: