• Home
  • »
  • News
  • »
  • assam
  • »
  • ডাৱৰ আঁতৰিল প্ৰফুল্ল মহন্তৰ শিবিৰত! বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ মনোনয়নত সংগ দিলে বঢ়মপুৰীয়া অগপ নেতা

ডাৱৰ আঁতৰিল প্ৰফুল্ল মহন্তৰ শিবিৰত! বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ মনোনয়নত সংগ দিলে বঢ়মপুৰীয়া অগপ নেতা

  • Share this:
"বঢ়মপুৰৰ অগপ আৰু বিজেপিৰ মাজত কোনো সংঘাত নাই। প্ৰফুল্ল কুমাৰ মহন্ত দেৱে অসুস্থতাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই। বঢ়মপুৰৰ ৰাইজে সদায় কংগ্ৰেছ-এআইইউডিএফৰ বিৰোধিতা কৰি আহিছে আৰু এইবাৰো আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাম"- এই মন্তব্য বিগত সময়ছোৱাত অনবৰতে প্ৰফুল্ল কুমাৰ মহন্তৰ লগত ছাঁৰ দৰে থকা আৰু জয়শ্ৰী গোস্বামী মহন্তৰ অতিশয় ঘনিষ্ঠ হিচাপে পৰিচিত বঢ়মপুৰীয়া অগপ নেতা নিৰঞ্জন বৰাৰ। আজি বঢ়মপুৰৰ বিজেপি নেতা জিতু গোস্বামীৰ হৈ মনোনয়ণ দাখিল কৰিবলৈ আহি এই মন্তব্য অগপ নেতা গৰাকীৰ।

ইপিনে নিৰঞ্জন বৰাক লগত লৈ মন্ত্ৰী পিযুষ হাজৰিকাই ক'লে, "মহন্ত ডাঙৰীয়াক আমি সদায় সন্মান কৰো। কেৱল অসুস্থতাৰ বাবেহে এইবাৰ তেওঁক দলে টিকট প্ৰদান কৰা নাই। কিন্তু বঢ়মপুৰ বাসীয়ে কেতিয়াও কংগ্ৰেছ অথবা এআইইউডিএফক প্ৰশ্ৰয় নিদিয়ে।" একেই মন্তব্য জিতু গোস্বামীৰো। জিতু গোস্বামীয়েও বঢ়মপুৰত জয়ৰ বাবে বিচাৰিলে মহন্তৰ আশীৰ্বাদ। পিছে যোৱা দুদিনলৈকে বিজেপিৰ সমালোচনাত মুখৰ হোৱা মহন্ত শিবিৰৰ পট পৰিৱৰ্তনে সৃষ্টি কৰিছে বহু প্ৰশ্নৰ। কিদৰে মহন্ত শিবিৰে হঠাৎ বিজেপিৰ প্ৰতি এই সমৰ্থন তাক লৈয়ো সৃষ্টি হৈছে প্ৰশ্নৰ।

পুনৰ ৰাজ্যসভালৈ যাব নেকি জয়শ্ৰী গোস্বামী মহন্ত?

একালৰ বঢ়মপুৰৰ অগপ নেতা সৌৰভ হাজৰিকাৰ মতে চৰকাৰৰ বিৰোধিতা কৰি টিকট বঞ্চিত হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তক গেৰুৱা দলটোৱে প্ৰক্ষেপ কৰিব পাৰে ৰাজ্য সভালৈ পাৰে। সেয়ে হঠাৎ মহন্ত পৰিয়ালে এইদৰে স্থিতি সলনি কৰিছে। উল্লেখযোগ্য যে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বেও বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰা মহন্তই শেষ মুহুৰ্তত বঢ়মপুৰ আসন ৰক্ষাৰ স্বাৰ্থতে বিজেপিৰ সৈতে মিত্ৰজোঁটত চামিল হোৱাৰ অভিযোগ কৰিছিল বিৰোধীয়ে
First published: