বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে অসম বিধানসভাৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত প্ৰতিবাদত বহে ৷
বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে অসম বিধানসভাৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত প্ৰতিবাদত বহে ৷
বহু প্ৰতিবাদৰ অন্তত ২০১৯ বৰ্ষত চৰকাৰে বিশেষভাৱে সক্ষম লোকৰ বাবে টেটত ৬৬৮টা পদ সংৰক্ষিত কৰিছিল ৷ ইতিমধ্য ৬৬৮জনে যোৱা মাৰ্চ মাহতে টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও আজি পৰ্যন্ত মেডিকেল টেষ্ট নোহোৱাত একাংশ বঞ্চিত হ'বলগীয়া হ'ল নিযুক্তি-পত্ৰ লাভৰ পৰা৷
শনিবাৰে খানাপাৰাত আহি নিযুক্তি পত্ৰ লাভ নকৰাত টেটত উত্তীৰ্ণ বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে অসম বিধানসভাৰ মূল প্ৰৱেশ দ্বাৰৰ সন্মুখত প্ৰতিবাদত বহে ৷ তেওঁলোকৰ অভিযোগ চৰকাৰে বঞ্চনা আৰু প্ৰতাৰণা কৰিছে বিশেষভাৱে সক্ষম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক।
প্ৰায় ২০ মিনিট ধৰি অসম বিধানসভাৰ সন্মুখত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত ঘটনাস্হলীত উপস্হিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ৷ আৰক্ষী বিষয়াৰ বুজনিত অৱশেষত প্ৰতিবাদস্হলী ত্যাগ কৰে ৷ অৱশ্যা সদৌ অসম বিকলাংগ সন্থাৰ সম্পাদক নৃপেন মালাকাৰে গোটেই বিষয়াটো বিভাগীয় মন্ত্ৰীক পুনৰবাৰ অৱগত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত ক্ষান্ত হয় প্ৰতিবাদকাৰীসকল ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|