• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : কাণেৰে নুশুনা তথা কথা ক’ব নোৱাৰা বিশেষভাৱে সক্ষম যুৱকে নিৰ্জীৱ কাঠেৰে নিৰ্মাণ কৰিলে মুখ্যমন্ত্ৰীৰ জীৱন্ত প্ৰতিমূৰ্তি

CM Himanta Biswa Sarma : কাণেৰে নুশুনা তথা কথা ক’ব নোৱাৰা বিশেষভাৱে সক্ষম যুৱকে নিৰ্জীৱ কাঠেৰে নিৰ্মাণ কৰিলে মুখ্যমন্ত্ৰীৰ জীৱন্ত প্ৰতিমূৰ্তি

চকুত কাপোৰ বান্ধি আঁকিব পাৰে তেওঁ হুৱহু ছবি ৷

চকুত কাপোৰ বান্ধি আঁকিব পাৰে তেওঁ হুৱহু ছবি ৷

চকুত কাপোৰ বান্ধি আঁকিব পাৰে তেওঁ হুৱহু ছবি ৷

  • Share this:
অসাধাৰণ প্ৰতিভাৰ অধিকাৰী বিশ্বজিৎ কোঁচ৷ কাণেৰে নুশুনা তথা কথা ক’ব নোৱাৰা বিশেষভাবে সক্ষম এইগৰাকী যুৱকৰ কৰ্মৰাজিৰ বাবে সম্প্ৰতি গোৱালপাৰাৰ এখন অখ্যাত গাঁও বিখ্যাত হৈ পৰিছে ৷

এতিয়া বিশ্বজিতৰ ঘৰত প্ৰতিদিনে ভিৰ কৰিছে বহু লোকে ৷ উদ্দেশ্য নিজকে এটুকুৰা কাঠত সজীৱ কৰি ৰখাৰ৷ কি নাজানে বিশ্বজিৎ কোঁচে ৷ কাণেৰে নুশুনে,মুখেৰে কথা ক’ব নোৱাৰে অথচ এই বিশ্বজিতৰ নিখুঁত হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ কাঠৰ একো একোটা টুকুৰা।



বিভিন্ন দেৱ-দেবীৰ পৰা দিম্পু বৰুৱা, হিমা দাস, ফুটবলাৰ খ্ৰীষ্টিয়ানো ৰনাল্ড’ৰ লগতে শেহতীয়াকৈ ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তিয়ে প্ৰাণ পাইছে বিশ্বজিতৰ হাতৰ পৰশত ৷

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিশ্বজিতৰ থাকিবলৈ নাই এটি ভাল ঘৰ ৷ দেউতাক ৰুগীয়া, বনৰীয়া হাতীৰ গচকত ইতিমধ্যে মৃত্যু হৈছে মাতৃৰ ৷

যুৱকজনৰ প্ৰতিভা নেদেখিলে বুজিব নোৱাৰি৷ নিজৰ চুলি নিজেই অতি সুন্দৰভাবে কাটিব পাৰে, চকুত কাপোৰ বান্ধি আঁকিব পাৰে হুৱহু ছবি ৷ প্ৰতিভা আছে পিছে বিকাশৰ বাবে নাই সমল ৷ নিজ হাতেৰে বনোৱা সামগ্ৰী বিক্ৰী কৰি পৰিয়াল পুহিছে বিশ্বজিতে ৷ এতিয়া সহায়ৰ প্ৰয়োজন এই অসাধাৰণ প্ৰতিভাৰ অধিকাৰী গৰাকীক৷



কিছুদিন পূৰ্বে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাও আহিছে বিশ্বজিতৰ ঘৰত। নিজকে কাঠৰ টুকুৰা এটাত খেদিত কৰা প্ৰতিমূৰ্তি দেখি হতবাক হৈ পৰে তেওঁ ৷ তাৰ পিছৰ পৰাই এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে বিশ্বজিৎ।
Published by:Gautam Barman
First published: