• Home
  • »
  • News
  • »
  • assam
  • »
  • আনৰ অনুগ্ৰহত জীয়াই থাকিব নিবিচৰা এজন যুৱক, হাতত বাইন’কুলাৰটো লৈ পুৱাই ওলাই আহে তেওঁ, পৰ্যটকক আনন্দ দি উপাৰ্জন কৰে ১০–২০ টকা

আনৰ অনুগ্ৰহত জীয়াই থাকিব নিবিচৰা এজন যুৱক, হাতত বাইন’কুলাৰটো লৈ পুৱাই ওলাই আহে তেওঁ, পৰ্যটকক আনন্দ দি উপাৰ্জন কৰে ১০–২০ টকা

এনেকৈয়ে দিনটোত ২০০-২৫০ টকা পৰ্যন্ত সংগ্ৰহ কৰি বিয়লি ঘৰলৈ উভতে তেওঁ। এই টকাকেইটাৰেই দীৰ্ঘদিনে পৰিয়ালটোক পোহপাল দি আহিছে সঞ্জুয়ে।

এনেকৈয়ে দিনটোত ২০০-২৫০ টকা পৰ্যন্ত সংগ্ৰহ কৰি বিয়লি ঘৰলৈ উভতে তেওঁ। এই টকাকেইটাৰেই দীৰ্ঘদিনে পৰিয়ালটোক পোহপাল দি আহিছে সঞ্জুয়ে।

এনেকৈয়ে দিনটোত ২০০-২৫০ টকা পৰ্যন্ত সংগ্ৰহ কৰি বিয়লি ঘৰলৈ উভতে তেওঁ। এই টকাকেইটাৰেই দীৰ্ঘদিনে পৰিয়ালটোক পোহপাল দি আহিছে সঞ্জুয়ে।

  • Share this:
আনৰ অনুগ্ৰহ বা সহায়ত নহয়,স্বাভিমান বৰ্তাই ৰাখি নিজেই উপাৰ্জন কৰি চলিছে এজন যুৱকে। এই যুৱকজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কাঞ্চনজুৰীৰ। কাঞ্চনজুৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ভিউ পইণ্টত হাতত বাইন’কুলাৰ লৈ পৰ্যটকৰ অপেক্ষাত এজন যুৱক। বিশেষভাৱে সক্ষম যদিও মনত জীয়াই থকাৰ দুৰ্বাৰ বাসনা লৈ পুৱাই বাইন’কুলাৰটো লৈ ভিউ পইণ্টলৈ ওলাই আহে সঞ্জু বৰ্মন। লক্ষ্য ভিউ পইণ্টত ৰৈ কাজিৰঙাৰ হাতী,ম’হ, হৰিণ,গঁড়ৰ লগতে সৌন্দৰ্য উপভোগ কৰা লোকসকলক কিছু সময়ৰ কাৰণে নিজৰ বাইন’কুলাৰটো যোগান ধৰা। তাৰ বিনিময়ত ১০ টকা সংগ্ৰহ কৰে সঞ্জু বৰ্মন নামৰ যুৱকজনে।

এনেকৈয়ে দিনটোত ২০০-২৫০ টকা পৰ্যন্ত সংগ্ৰহ কৰি বিয়লি ঘৰলৈ উভতে তেওঁ। এই টকাকেইটাৰেই দীৰ্ঘদিনে পৰিয়ালটোক পোহপাল দি আহিছে সঞ্জুয়ে। বিশেষভাৱে সক্ষম যদিও কাৰো সহায় বা অনুগ্ৰহত নচলে যুৱকজন। শাৰীৰিক অক্ষমতাৰ বাবে অন্য কোনো কাম কৰিব নোৱাৰে সঞ্জু বৰ্মনে। সেয়েহে বাইন’কুলাৰটোৱেই তেওৰ উপাৰ্জনৰ একমাত্ৰ সম্বল।

সঞ্জুৰ বাইন’কুলাৰেৰে ১০ টকাৰ বিনিময়ত কাজিৰঙা দৰ্শন কৰি প্ৰায়েই আনন্দিত হয় পৰ্যটক। বিশেষকৈ চেন্নাই, হায়দৰাবাদৰ বহু পৰ্যটকে তেওঁৰ বাইন’কুলাৰ লৈয়েই উপভোগ কৰিছে কাজিৰঙাৰ বন্যজীৱৰ নয়ানাভিৰাম দৃশ্য। মুঠতে সঞ্জুৰ বাইটন’কুলাৰেৰে মিনি কাজিৰঙা দৰ্শন কৰে বহুতে।

সংবাদ মাধ্যমৰ আগত আবেগিক হৈ যুৱকজনে ক’লে আজিলৈ চৰকাৰৰ পৰা কোনো সহায়–সহযোগ নোপোৱাৰ কথা। মুঠতে হাজাৰ প্ৰত্যাহ্বানৰ মাজতো এনেকৈয়ে জীৱন যুঁজৰ এজন অপৰাজিত যোদ্ধা হৈছে সঞ্জু নামৰ এই যুৱকজন। নিৰাশাই কোঙা কৰা,হতাশাই ভাৰাক্ৰান্ত কৰা বহুতৰ মনলৈ সঞ্জুৰ এই দৃঢ়তাই আনিব আশাৰ সঞ্জীৱনী।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি